প্রবন্ধ সাহিত্য৷ নিখিলেশ পুৰুকাইত৷


'প্রবন্ধ' শব্দৰ ব্যুৎপত্তিগত অর্থ হ'ল, 'প্রকৃষ্ট বন্ধন'। ইয়াৰ ব্যৱহাৰ অতি প্রাচীন। সংস্কৃত কবি আৰু আলংকাৰিকসকলে 'পৰস্পৰ অৰ্থ সম্বন্ধযুক্ত কাব্যৰচনা', এই অৰ্থত প্রবন্ধ শব্দটো ব্যৱহাৰ কৰি আহিছে। মহাৰাষ্ট্ৰৰ প্ৰখ্যাত নাট্যকাৰ আৰু আলংকাৰিক ৰাজশেখৰ তেওঁৰ 'কাব্যমীমাংসা' (১০ম শতিকা) গ্রন্থৰ দশম অধ্যায়ত 'প্রবন্ধ' শব্দটো ব্যৱহাৰ কৰিছে। তেওঁ মহাকবিৰ গুণকীর্তন প্রসংগত কৈছে:
মুক্তকে কবয়োনন্তাঃ সংঘাতে কবয়ঃ শতম্।
মহাপ্রবন্ধে তু কবিৰেকো দ্বৌ দুর্লভাস্ত্রয়ঃ।।

অৰ্থাৎ পৰস্পৰ সম্বন্ধৰহিত বিচ্ছিন্ন কবিতা ৰচনাত হয়তো সমৰ্থ অসংখ্য কবি, পৰস্পৰ সম্বন্ধযুক্ত খণ্ডবাক্য ৰচনাৰ ক্ষেত্ৰতো এশ কবি থকাটো সম্ভৱ, কিন্তু মহাপ্ৰবন্ধৰ (মহাকাব্যৰ) কবি এজন নাইবা দুজনহে, তিনিজন পোৱা টান।
ৰাজশেখৰে তেওঁৰ বক্তব্যৰ সমর্থনত মহাকবি মাঘৰ বচনৰ উদ্ধৃতি দিছে: 
বহুপি স্বেচ্ছয়া কামং প্রকীর্ণমভিধীয়তে।
অনুজ্ঝিতাৰ্থসম্বন্ধঃ প্রবন্ধো দুৰুদাহৰ।।

অর্থাৎ নিজৰ ইচ্ছা, শক্তি আৰু প্ৰতিভাৰে যথেষ্টসংখ্যক পৰস্পৰ সম্বন্ধৰহিত বিচ্ছিন্ন কবিতা ৰচনা কৰা যাব পাৰে। কিন্তু অর্থসম্বন্ধ বজাই ৰাখি মহাকাব্য ৰচনা কৰাৰ উদাহৰণ অতিশয় দুর্লভ।

এই একেটা অর্থতে বিশ্বনাথ কবিৰাজ (১৬শ শতিকা) 'প্রবন্ধ' শব্দৰ ব্যৱহাৰ কৰিছে 'সাহিত্য দর্পণ'ৰ চতুৰ্থ পৰিচ্ছেদত, 'প্রবন্ধে যথা মহাভাৰতে শান্তঃ ৰামায়ণে কৰুণঃ' (প্রবন্ধত, যথা মহাভাৰতত শান্ত বস, ৰামায়ণত কৰুণ)।

মহাকবি কালিদাসে (৪র্থ/৫ম শতিকাত) 'অবিচ্ছেদ, অবিৰত অবিৰাম' অর্থত 'প্রবন্ধ' শব্দৰ ব্যৱহাৰ কৰিছে। 'ৰঘুবংশ'ৰ তৃতীয় সৰ্গতে, ইন্দ্ৰৰ লগত ৰঘুৰ যুদ্ধৰ বৰ্ণনা দিবলৈ গৈ তেওঁ কৈছে:
'অতি প্রবন্ধ প্রহৃতাস্ত্র বৃষ্টিভিঃ তমাশ্রয়ং দুষ্প্রহস্য তেজসঃ।
শশাক নির্বাপয়িত্বং ন বাসবঃ স্বতশ্চ্যতং বহ্নিমিদাপ্তিৰমুদঃ।।'

অর্থাৎ অতি অবিৰতভাবেৰে প্ৰযুক্ত অস্ত্ৰবৃষ্টিৰ দ্বাৰা (ইন্দ্ৰ) দুঃসহ প্ৰতাপৰ আশ্রয়স্বৰূপ তেওঁক (বঘুক) নির্বাপন কৰোতে সক্ষম নহ'ল, যেনে- ডাৱৰৰ পৰা স্বতঃ বৰ্ষিত জুইক পানী দি নির্বাপন কৰা সম্ভৱ নহয়। (ৰঘুবংশ ৩।৫৮)।

আচার্য অভিনৱগুপ্তই (১০ম শতিকা) আৰু তেওঁৰ সমসাময়িক আন এজন আলংকাৰিক কুম্ভকে, 'প্রবন্ধ' শব্দটো ইয়াৰ ব্যুৎপত্তিগত অৰ্থত ব্যৱহাৰ কৰিছে। 'লোচন' ৰচনাৰ শেষত অভিনৱগুপ্তই নিজকে 'প্রবন্ধ সেবাৰস' (অর্থাৎ কাব্যপ্রবন্ধপাঠত অভিনিবিষ্টচিত্ত) রূপে বিশেষিত কৰিছে। কুম্ভকে কাব্যৰ সংজ্ঞা দি কৈছে- 'বক্রোক্তি কাব্যজীৱিতম্' (বক্রোক্তিয়েই কাব্যৰ প্রাণ)। বক্রতাক তেওঁ ছভাগত ভাগ কৰিছে, যথা- বর্ণবিন্যাসবক্রতা, পদপূর্বার্ধবক্রতা, পদপৰাধবক্রতা, প্ৰকৰণবক্রতা, কাব্যবক্ৰতা আৰু প্ৰবন্ধবক্রতা। প্রথম পাঁচ প্ৰকাৰ বক্ৰতাৰ সমাবেশত কাব্যগ্রন্থত উদ্ভৱ হোৱা সামূহিক বৈচিত্র্য, যাৰ দ্বাৰা সমস্ত কাব্যগ্রন্থত হৃদয়ৰ চমৎকাৰকাৰী আহ্লাদ প্রতিভূত হয়, কুন্তকে তাকেই প্রবন্ধবক্রতা আখ্যা দিছে। গতিকে ইয়াত 'প্রবন্ধ' শব্দটোৱে যে ক্রমসংবদ্ধ কাব্যৰচনা বুজাইছে, সেইটো আমি অনুমান কৰিব পাৰোঁ।

মধ্যযুগৰ বঙালী আৰু অসমীয়া কবিসকলে 'প্রবন্ধ' শব্দটো ব্যুৎপত্তিগত অর্থত ব্যৱহাৰ কৰা নাই; তেওঁলোকে কৌশল, যত্ন, চাতুৰী, কু-মন্ত্রণা, প্ৰকাৰ, ভংগি ইত্যাদি অৰ্থতহে ব্যৱহাৰ কৰিছে। যেনে, অপ্রমাদী কবি মাধৱ কন্দলীয়ে তেওঁৰ ৰামায়ণৰ 'কিষ্কিন্ধ্যা কাণ্ড'ত ভাৰতৰ আদিকবি বাল্মীকিৰ প্ৰতি ঋণ স্বীকাৰ কৰি কৈছে:
বাল্মীকি ৰচিলা শাস্ত্র গদ্য পদ্য ছন্দে।
তাহাক বিচাৰ আমি কৰিয়া প্রবন্ধে।। চাও

ইয়াত 'প্রবন্ধে' শব্দটোৰ অৰ্থ হ'ল, 'যত্নেৰে'।

ঊনৈশ শতিকাৰ পৰা 'প্রবন্ধ' শব্দটো ইংৰাজী 'Essay' শব্দৰ প্রতিশব্দ হিচাপে বঙালী আৰু অসমীয়াত ব্যৱহৃত হৈ আহিছে। গতিকে আমি ক'ব পাৰো বৰ্তমানে আমি 'প্রবন্ধ' বুলি সাহিত্যৰ যি বিশেষ শ্রেণীক বুজাওঁ তাৰ উদ্ভৱ হৈছে ইংৰাজী প্ৰভাৱত। প্রখ্যাত ফৰাচী লিখক মঁতেন (Michel Eyquem de Montaigne, 1533-92) প্রবন্ধ সাহিত্যৰ আদিগুৰু। তেওঁ আছিল একাধাৰে আইনজ্ঞ, ৰাজসভাসদ, ৰাজনীতিজ্ঞ, দার্শনিক আৰু জীৱনদ্রষ্টা। তেওঁ ব্যক্তিগত অভিজ্ঞতা আৰু মনোভাব সুস্পষ্টকৈ প্রবন্ধ সাহিত্যত প্রকাশ কৰিছে। মঁতেনৰ ৰচনা, অনুবাদৰ জৰিয়তে সোতৰ শতিকাৰ আৰম্ভণিত ইংলণ্ডত জনপ্রিয় হয়। তেওঁৰ অনুৰাগী পাঠকৰ মাজত ফ্রান্সিস বেকন (Francis Bacon) আৰু বেন জনছনো (Ben Johnson) আছিল। ওঠৰ শতিকাৰ আব্রাহাম কাউলি (Abraham Cowley, 1618-67) আৰু উনৈশ শতিকাৰ চাৰ্লছ ল্যাম্ব (Charls Lamb, 1775-1834) আৰু উইলিয়াম হ্যাটিৰ (William Hazlitt) ৰচনাত মঁতেনৰ প্ৰভাৱ সুস্পষ্ট। বঙ্গ আৰু অসমৰ লব্ধপ্রতিষ্ঠ প্রাবন্ধিকসকলে ইংৰাজী প্ৰবন্ধৰ আর্হিত মাতৃভাষাত প্রবন্ধ সাহিত্য ৰচনা কৰি থৈ গৈছে। প্রবন্ধ ৰচনাত আমি তেওঁলোকৰ উত্তৰাধিকাৰী।

ঊনৈশ শতিকাৰ পৰা 'প্রবন্ধ' শব্দটোৰ লগত আৰু দুটা সমার্থক শব্দ, 'সন্দর্ভ' আৰু 'নিবন্ধ' প্রচলিত হৈ আহিছে। দৰাচলতে শব্দ তিনিটাৰ মাজত অর্থগত কোনো পার্থক্য নাই। 'প্রবন্ধ'ৰ ব্যুৎপত্তি হ'ল, প্র-বন্ধু+অ। 'প্র' উপসৰ্গৰ অৰ্থ, প্রকৃষ্ট, বন্ধু ধাতুৰ অর্থ, বন্ধন। গতিকে প্ৰবন্ধৰ অৰ্থ হ'ল, প্রকৃষ্ট বন্ধনযুক্ত ৰচনা। 'সন্দর্ভ' শব্দটোৰ ব্যুৎপত্তি হ'ল, সম্-দৃ+অ। 'সম' উপসৰ্গৰ অৰ্থ, সম্যক্, দৃড় ধাতুৰ অৰ্থ, গ্রন্থন, বচন। এতেকে 'সন্দর্ভ'ব অর্থ, সম্যকৰূপত গ্রথিত/ৰচিত বিষয়। 'নিবন্ধ'ৰ ব্যুৎপত্তি হ'ল, নি-বন্ধু+অ। 'নি' উপসৰ্গৰ অর্থ, নিশ্চয়; বন্ধ ধাতুৰ অৰ্থ, বন্ধন। তেতিয়াহ'লে 'নিবন্ধ'ৰ অৰ্থ, নিশ্চয় বন্ধনযুক্ত ৰচনা। এই কথা এতিয়া প্রমাণিত হ'ল যে প্রবন্ধ, নিবন্ধ আৰু সন্দর্ভ এই তিনিটা শব্দৰ মাজত অর্থগত কোনো পার্থক্য নাই। সেয়ে যিকোনো বিষয় গদ্য নাইবা পদ্যৰ ভাষাত প্রকাশিত হ'লে আমি তাক প্রবন্ধ, নিবন্ধ নাইবা সন্দর্ভ কোনো এটাৰে অভিহিত কৰিব পাৰো।

ইংৰাজী Thesisৰ প্রতিশব্দ হিচাপে বংগভাযাত গবেষণা নিবন্ধ, গবেষণা সন্দর্ভ নাইবা অভিসন্দর্ভ এইবোৰ ব্যৱহৃত হ'ব ধৰিছে। ইয়াৰ দ্বাৰা স্পষ্টভাবে বুজা যায় যে 'নিবন্ধ' আৰু 'সন্দর্ভ'ৰ অৰ্থ সংকুচিত হৈছে। এতিয়া অর্থ হৈছে,- 'ক্রমসংবদ্ধ জ্ঞানগর্ভ সুদীর্ঘ গদ্যজাতীয় ৰচনা'। এই দুটা শব্দ বাদ দি কোনোবাই যদি 'প্রবন্ধ' শব্দটো ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি তাক ভুল বুলি ক'ব নোৱাৰো। কিয়নো তিনিওটা শব্দৰ অৰ্থ একেটাই। অসমীয়াত Thesisৰ প্রতিশব্দ হিচাপে গবেষণা গ্রন্থ, গবেষণা পত্ৰ ব্যৱহাৰ হয়।

প্রবন্ধ দুই প্ৰকাৰৰ- বস্তুনিষ্ঠ (Objective) আৰু ভাবনিষ্ঠ (Subjective)। বস্তুনিষ্ঠ প্ৰবন্ধৰ প্ৰধান উপজীব্য হ'ল জ্ঞানগর্ভ যিকোনো বিষয়। ইতিহাস, পুৰাতত্ত্ব, ৰাজনীতি, সমাজনীতি, অর্থনীতি, বিজ্ঞান, দর্শন, ভাষা, সাহিত্য আদিক ভিত্তি কৰি প্ৰবন্ধ ৰচিত হ'ব পাৰে। বিষয়ৰ গুৰুত্ব থকাৰ কাৰণে এই জাতীয় ৰচনাক নৈর্ব্যক্তিক (Impersonal) বুলিও কোৱা হয়। ভাবনিষ্ঠ প্ৰবন্ধৰ বিষয় হৈছে নিগূঢ় ব্যক্তিচেতনা (Intense personal imotion)। কোনোজন বিশ্বজগতৰ অসীম সৌন্দর্য নাইবা জীৱনৰ সত্য গভীৰভাবে উপলব্ধি কৰি বিমুগ্ধ হ'ব পাৰে, আচৰিত হ'ব পাৰে। পুথিগত কোনো বিদ্যাৰ শৰণ নোলোৱাকৈ যেতিয়া এই ভাব সম্পূর্ণ স্বাধীনভাবে প্রকাশ কৰে তেতিয়া সৃষ্টি হয় ভাবনিষ্ঠ প্রবন্ধ। এই জাতীয় ৰচনা লিখকৰ একান্তভাবে ব্যক্তিগত। বৈশিষ্ট্যৰ আলমত আলোচনা কৰিলে দুবিধ প্ৰবন্ধৰ স্বৰূপ ধৰা পৰিব।

বস্তুনিষ্ঠ প্ৰবন্ধৰ চকুত পৰা কেইটামান বৈশিষ্ট্য:
(১) বিষয়বস্তুৰ চমকপ্রদ উপস্থাপনা- জ্ঞানৰ বিষয় পোনপটীয়াকৈ উত্থাপন কৰিলে পাঠকৰ মনত হয়তো বিষয়বস্তুৰ প্রতি এটা ঔদাসীন্য দেখা দিব। ইয়াৰ বাবে বুদ্ধিমান বিবেচক প্রাবন্ধিকে বিষয়বস্তু পৰিবেশনৰ এটা একা-বেঁকা পথ অবলম্বন কৰিব পাৰে। পাঠকে গমেই নাপায় যে প্রাবন্ধিকে তেওঁৰ মনত বিষয়বস্তু সম্পর্কিত এটা গভীৰ ঔৎসুক্য জগাই তোলাৰ বাবে সার্থক প্রচেষ্টা চলাইছে। ইয়াৰ ফলত পাঠকৰ অন্তৰত বিষয়টো জানিবলৈ দুর্নিবাৰ কৌতূহল জাগে। বিষয়ৰ অপ্রত্যাশিত অবতাৰণাৰ নামান্তৰ হ'ল বিষয়বস্তুৰ চমকপ্রদ উপস্থাপনা। উদাহৰণ এটা দিলে বিষয়টো স্পষ্ট হৈ উঠিব। সৰু প্ৰবন্ধ এটাৰ বিষয় হ'ল 'ময়ূৰ'; ৰচয়িতা নাৰায়ণ চন্দ্র চন্দ। লিখকে ময়ূৰৰ কথা পোনতেই উত্থাপন নকৰি পাঠকৰ মনত কৌতূহল জগাই তুলিবলৈ আৰম্ভণিতে গল্প এটা জুৰি দিছে। আৰম্ভণিটো এনেকুৱা: 'ভদ্রলোক এজনে ম'ৰাচৰাইৰ ৰঙীন ফটো তুলিবৰ কাৰণে কেমেৰা লৈ মধ্যভাৰতৰ হাবি এখনত সোমাইছিল। হাবিত বনৰীয়া জন্তুৰ ভয়; সেয়েহে লগতে এটা ৰাইফলো নিছিল। অকলশৰে নিঃশব্দে হাবিৰ মাজত সোমাই, অনতিদূৰত সৰু এজোপা বাঁশঝাৰৰ ওচৰত ঝোপৰ ওপৰত ম'ৰাচৰাইটো বহি থকা দেখিলে। তাৰ গাত এফালে ৰ'দ আহি পৰিছে; তাৰ ডিঙিৰ নীলা ৰং নীলমণিৰ দৰে জিলিকি আছে। তেওঁ কেমেৰা লৈ ছবি তুলিবলৈ প্রস্তুত হ'ল। ম'ৰাচৰাইটোৱে তেতিয়ালৈকে স্থিৰ হৈ বহি, আচৰিত হৈ কিবা এটাৰ ফালে ৰ লাগি চাই আছিল। ভদ্রলোকে সেইফালে চাই দেখে চিতাবাঘ এটাই ঘাঁহৰ মাজেৰে চাপি-চুপি ম'ৰাচৰাইৰ ফালে আগবাঢ়ি গৈ আছে। তেওঁ কেমেৰা থৈ ৰাইফলটো উঠাই ল'লে। তাৰপিচত বাঘৰ পিনে টোঁৱাওঁতেই চিতাবাঘটোৱে তৎক্ষণাৎ জাপ মাৰি উঠি থিয় দিলে আৰু চিঞৰি ক'লে- গুলি নেমাৰিব।'

এই বৰ্ণনাৰ পৰা আমি জানিব পাৰো দুটা কথা। এটা হ'ল, ময়ূৰৰ অদ্ভুত সৌন্দর্যপ্রিয়তা; নিজৰ জীৱন বিপন্ন কৰিও ৰূপমুগ্ধ হৈ চাই আছে পৰম শত্রু চিতাবাঘৰ ফালে। সন্মোহন ইমানেই হয় যে সি শেষত চিতাবাঘৰ চিকাৰ হয়গৈ। আন এটা মন কৰিবলগীয়া কথা ম'ৰাচৰাইটোৱে চিতাবাঘ দেখি ভোল যোৱাৰ কাৰণে কপট চিকাৰীয়ে চিতাবাঘৰ ছাল পিন্ধি ম'ৰাচৰাই চিকাৰ কৰে। যি কি নহওক গল্পটোৰ জৰিয়তে লিখকে ম'ৰাচৰাইৰ সৌন্দর্যপ্রিয়তা আৰু ম'ৰাচৰাই চিকাৰৰ অদ্ভুত কৌশল এনে অপ্রত্যাশিতভাবতে উত্থাপন কৰিলে যে তাব তুলনা পোৱা টান। নিজৰ জীৱন বিপন্ন কৰি হ'লেও ম'ৰাচৰায়ে যিদৰে চিতাবাঘৰ হালধীয়া ছালৰ ওপৰত ক'লা ক'লা ফোঁটৰ সৌন্দৰ্যত বিভোৰ হৈ পৰে, আমিও তেনেদৰে ৰচনাৰ বিষয়টোৰ চমকপ্রদ অবতাৰণা হেতু ৰচনাৰ ৰসাস্বাদ গ্ৰহণৰ বাবে উদগ্রীৱ, চঞ্চল হৈ পৰো। ৰচনাৰ প্ৰতি পাঠকৰ অনুৰাগ সৃষ্টি কৰাত এই চমকপ্রদ অৱতাৰণাৰ বোধ কৰো আৰু বিকল্প নাই৷

(২) বিষয়কেন্দ্রিকতা- বিষয় পৰিস্ফুটনৰ সুচলার্থে প্রবন্ধত নানা প্রসংগ উত্থাপিত হ'ব পাৰে, বিচিত্র তথ্যৰাজি সন্নিৱিষ্ট হ'ব পাৰে। কিন্তু মন কৰিবলগীয়া যে এইবোৰৰ প্ৰয়োজন মাথোন মূল প্রতিপাদ্য বিষয়ৰ পৰিস্ফুটন আৰু পূর্ণতাদানৰ কাৰণেহে। কোনো সংগীতসভাত যেনেদৰে বিভিন্ন বাদ্যযন্ত্র একেই সুৰত একেই তালত বাজি উঠে, তেনেদৰে প্ৰবন্ধতো বিভিন্ন প্ৰসংগ, বিচিত্র তথ্যৰাজি একেটা বিষয়কে কেন্দ্ৰ কৰি প্ৰযুক্ত হয়। নহ'লে অপ্রাসংগিক আলোচনা, অযথা তথ্যৰাজিৰ অনর্থক সমাবেশৰ ফলত বিষয়বস্তু দুর্বোধ্য আৰু নীৰস হৈ যায় আৰু প্ৰবন্ধ ৰচনাৰ মূল উদ্দেশ্যও ব্যর্থ হয়।

(৩) ক্রমসংবদ্ধতা- ৰচনাৰ ক্ৰমসংবদ্ধতা হ'ল আটাইতকৈ ডাঙৰ গুণ। আমি দেখো যে আলংকাৰিকসকলে এইটো গুণৰ ওপৰত বেছি গুৰুত্ব দিছে আৰু কৈছে যে মহাকাব্যৰ বাহিৰে অন্য ৰচনাৰ এনে গুণৰ সমাবেশ লক্ষ্য কৰা নাযায়। ৰচনাকাৰৰ এইটো এটা দুর্লভ গুণ৷ প্রবন্ধসাহিত্য ক্ষেত্ৰত এই গুণৰ প্ৰয়োজন আটাইতকৈ বেছি। ইয়াৰ অভাৱত প্ৰবন্ধৰ অব্যয়র গঠন সম্ভৱপৰ নহয়। অর্থসম্বন্ধযুক্ত কেইটামান বাক্য লৈ এটা অনুচ্ছেদ (Paragraph) আৰু অর্থসম্বন্ধযুক্ত কেবাটাও অনুচ্ছেদ লৈ প্রবন্ধ ৰচিত হয়। অর্থসম্বন্ধৰহিত বাক্য আৰু অনুচ্ছেদৰ, সমাবেশ বজাৰৰ চিঞৰ-বাখৰৰ দৰে নিৰৰ্থক, বিভ্রান্তিকৰ আৰু বসসৃষ্টিৰ পৰিপন্থী।

(৪) স্পষ্টতা (Lucidity)- প্ৰবন্ধৰ বিষয় স্পষ্ট কৰি তুলিবলৈ লিখকে কেইবাটাও উপায় অবলম্বন কৰিব লাগিব। যেনে,
(ক) বিষয় সম্পর্কত এটা স্পষ্ট ধাৰণা (Clear idea) কৰি ল'ব লাগিব।
(খ) বিষয়টো ক্রমবিকশিত (Serialistic) কৰি তুলিব লাগিব। ইয়াৰ বাবে বক্তব্য বিষয় যুক্তিসূত্ৰত গ্রথিত কৰি উদাহৰণৰ যোগেদি ক্রমান্বয়ে প্রকাশ কৰিব লাগিব।
(গ) বিষয়টো যথাযথভাবে উপস্থাপন কৰোতে বিভিন্ন প্রসংগ আহি পৰিব। সেই প্ৰসংগসমূহৰ মাজত এটা সংগতি (Compatibility) স্থাপন কৰিব লাগিব।
(ঘ) বিষয় সম্পর্কীয় বিভিন্ন ব্যক্তিৰ মতামত উত্থাপন কৰিব লাগিব আৰু লগতে সেইবিলাক খণ্ডন কৰি নিজৰ মত দাঙি ধৰিব লাগিব।
(ঙ) আবেগবর্জিত নিৰলংকাৰ সহজ ভাষাত বিষয়টো প্রকাশ কৰিব লাগিব।

(৫) প্রামাণিকতা- বিভিন্ন উৎসৰ পৰা প্ৰতিপাদ্য বিষয়ৰ তথ্যপাতি সংগ্ৰহ কৰিব লাগিব। এইবোৰ কোনো কিতাপৰ পৰা, চৰকাৰী নথিপত্র (Record)ৰ পৰা নাইবা ক্ষেত্রভিত্তিক পর্যবেক্ষণ (area survey)ৰ দ্বাৰা প্ৰাপ্ত নিৰ্দেশনাদিৰ পৰা গ্ৰহণ কৰিব লাগিব। পিচত এইবোৰ তথ্য চালিজাৰি চাই অকল প্রতিপাদ্য বিষয়ৰ উপযোগীখিনিহে ল'ব লাগিব। শেষত গৃহীত তথ্যাদি লিখকৰ বক্তব্য সমর্থনৰ ক্ষেত্ৰত লগাব লাগিব। তথ্য পৰিবেশনৰ যোগেদি লিখকৰ বক্তব্য প্রামাণ্য বুলি গৃহীত হ'ব।

(৬) সিদ্ধান্ত নাইবা অভিমত (Theory) প্রকাশনা- প্রবন্ধ ৰচনাৰ লিখকে বিচাৰকৰ ভূমিকা গ্রহণ কৰিব লাগিব। বিচাৰকে যেনেদৰে বাদী-বিবাদীৰ চৱাল-জবাব শুনি মোকদ্দমাৰ ৰায় দিয়ে প্রাবন্ধিকে ঠিক তেনেদৰে প্রতিপাদ্য বিষয়সম্পর্কীয় সকলো মতামত খণ্ডন কৰি আৰু সমুদায় সংশয়-বিতৰ্কাদি দূৰ কৰি উপসংহাৰত নিজৰ সুচিন্তিত অভিমত দাঙি ধৰিব লাগিব। সিদ্ধান্ত অবিহনে প্রবন্ধ কেতিয়াও সার্থক ৰচনা হিচাপে গৃহীত হ'ব নোৱাৰে; প্রবন্ধ নহৈ ই হ'ব মুণ্ডহীন দেহাৰ দৰে অসম্পূৰ্ণ শ্রীহীন অসাৰ ৰচনাৰ চানেকী।

(৭) সৃষ্টিধর্মিতা (Creativity)- প্রবন্ধ সাহিত্য হ'বলৈ হ'লে ই ৰসাল হ'ব লাগিব। প্রবন্ধ পাঠ অকল জ্ঞান লাভৰ কাৰণে নহয়, আনন্দলাভো হ'ব ইয়াৰ আন এক প্রধান উদ্দেশ্য। আন আন শ্ৰেণীৰ সাহিত্যৰ দৰে ই আস্বাদ্য হ'ব লাগিব। প্রবন্ধকাৰক হ'ব লাগিব ৰসায়নবিদ। ৰসায়নবিদে যিদৰে একাধিক মৌলিক উপাদানৰ ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে নতুন পদার্থ সৃষ্টি কৰে, প্রাবন্ধিকেও তেনেদৰে প্ৰবন্ধৰ বিভিন্ন উপাদানৰ যোগেদি এটা অভিনৱ ৰসমূৰ্তি ৰচনা কৰিব লাগিব যি পাঠকক অকল জ্ঞান দানেই নকৰিব, লগে লগে আনন্দও দিব। প্রবন্ধ ৰসাল নোহোৱাকৈ কেতিয়াও সাহিত্য হ’ব নোৱাৰে৷ ৰসাল হোৱাৰ কাৰণেহে ই জ্ঞানৰ বিষয় হৈও সাহিত্য হৈ উঠে৷


প্ৰবন্ধ আৰু গৱেষণা গ্ৰন্থ সম্পৰ্কীয় এখন বিদ্যায়তনিক গ্ৰন্থ৷ 
প্ৰকাশন জিজ্ঞাস প্ৰকাশন, অক্টোবৰ, ২০০৪

এই লেখাটো কেৱল বিদ্যায়তনিক প্ৰয়োজনতহে ব্লগত আপলোড কৰা হৈছে৷

Post a Comment

0 Comments