লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষা-ভাবনা ৷৷ ড° অনুৰাধা শৰ্মা


অসমীয়া ভাষাৰ ইতিহাসৰ এক জটিল সন্ধিক্ষণত ভাষাটোৰ স্বতন্ত্ৰতা আৰু ইয়াৰ আধাৰত গঠিত জাতিৰ ধাৰণাক প্ৰতিষ্ঠা কৰাৰ বাবে যিসকলে সংগ্ৰাম কৰিছিল সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা আছিল অন্যতম৷ কবিতা, গল্প, উপন্যাস, ব্যঙ্গ ৰচনা, তত্ত্ব-কথা, জীৱনী আৰু আত্মজীৱনীৰ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ ‘পিতৃ’ পুৰুষ আখ্যা দিয়া হয়৷ সাহিত্যৰথী ৰসৰাজ উপাধিৰে বিভূষিত এইগৰাকী ব্যক্তি অৱশ্যে ‘ভাষাতাত্ত্বিক’ পণ্ডিত হিচাপে স্বীকৃত নহয়, কিন্তু অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ প্ৰেক্ষাপটত তেওঁঁ যিবোৰ লেখা লেখিছিল, তাৰ মাজতে স্থিতি লৈ আছে তেওঁৰ ভাষা-ভাবনাৰ বিস্তৃত পৰিসৰ৷ অসমীয়া ভাষাৰ সমাজ-ঐতিহাসিক (socio-historical) ধাৰাটো তেওঁ বিশেষভাৱে পোহৰলৈ আনিবলৈ চেষ্টা কৰিছিল৷ গতিকে ‘ভাষা বিশেষজ্ঞৰ পূৰ্ব নিধাৰ্ৰিত ধাৰণা অতিক্ৰমী বেজবৰুৱাৰ ভাষা চিন্তা বিচাৰ কৰিলে ঊনবিংশ শতিকাৰ অসমত অসমীয়া ভাষাৰ স্থিতিৰ সম্পৰ্কে তেওঁ দিয়া মন্তব্য আৰু অন্যান্য বক্তব্যৰ মাজতে আগবঢ়াই যোৱা সাধাৰণ ভাষাবিজ্ঞানৰ (general linguistics) লগত সংপৃক্ত কেতবোৰ  চিন্তাই তেওঁৰ ভাষা-ভাবনাক অতি বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰে৷

বেজবৰুৱাৰ ভাষা চিন্তাৰ প্ৰেক্ষাপটত আছে ঊনবিংশ শতিকাৰ অসমীয়া ভাষাৰ ওপৰত আহি পৰা দুৰ্যোগ৷ এই দুৰ্যোগৰ ঐতিহাসিক সত্যতা আৰু পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ সূত্ৰ ধৰিয়েই বেজবৰুৱাৰ ভাষা-ভাবনাই আত্মপ্ৰকাশ কৰিছে৷ অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে দশম-দ্বাদশ শতিকাতে চৰ্যাপদৰ মাজত ইয়াৰ লিখিত ৰূপৰ নিদৰ্শন আছে৷ অৱশ্যে, সেই সময়ত ভাষাটোৱে ‘অসমীয়া’ নাম পোৱা নাছিল আৰু এই ভূ-খণ্ডৰ নামো ‘অসম’ নাছিল৷ সেই সময়ৰ কামৰূপ ৰাজ্যই কোচবিহাৰকে ধৰি পশ্চিমবংগৰ এটা ডাঙৰ অঞ্চল আৰু বৰ্তমানৰ বাংলাদেশৰ কিছু অংশক সামৰি লৈছিল৷ এই ভূখণ্ডতে অৰ্থাৎ কামৰূপ অঞ্চলত প্ৰচলিত বৰ্তমানৰ অসমীয়া ভাষাৰ প্ৰাচীন ৰূপটোৱে বিকাশ লাভ কৰিছিল৷ আমাৰ জাতীয় জীৱনৰ গুৰু শ্ৰীমন্ত  শংকৰদেৱ-মাধৱদেৱৰ সাহিত্যৰ ভাষাও আছিল বৰ্তমানৰ অসমীয়া ভাষাৰ প্ৰাচীন ৰূপটোৱেই৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসনভাৰ কোম্পানীৰ হাতলৈ গৈছিল আৰু তাৰ এটা দশক পাছলৈকে অসমৰ শিক্ষা আৰু প্ৰশাসনৰ ভাষা আছিল অসমীয়া ভাষাই৷ কিন্তু দুৰ্ভাগ্যকৰ বিষয় যে  ১৮৩৬ চনত অসমৰ স্কুল আদালতৰপৰা অসমীয়া ভাষা উঠাই দি তাৰ ঠাইত বাংলা ভাষা জাপি দিয়া হয়৷ ১৮৭৩ চনত শিক্ষিত অসমীয়া আৰু আমেৰিকান মিছনেৰীসকলৰ প্ৰচেষ্টাত অসমীয়া ভাষা অসমৰ স্কুল-আদালতত পুনঃপ্ৰতিষ্ঠা হ’ল যদিও দীৰ্ঘদিনৰ বাবে অপসাৰিত হৈ থকা বাবে ভাষাটোৰ ওপৰত কেতবোৰ বিৰূপ প্ৰভাৱ পৰিল৷ প্ৰথমতে, অসমীয়া ভাষা উঠাই দি বাংলা ভাষা প্ৰৱৰ্তন কৰাৰ লগে লগে অসমৰ মধ্যবিত্ত শ্ৰেণীটোৱে নিজৰ ভাষাৰ প্ৰতি এক ধৰণৰ হীনমন্যতাত ভূগিবলৈ ধৰিলে আৰু বাংলা ভাষাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰিল৷ নিদৰ্শনস্বৰূপে, হলিৰাম ঢেকিয়াল ফুকনে বাংলা ভাষাত ‘অসম বুৰঞ্জী’ ৰচনা কৰিলে যাদুৰাম ডেকাবৰুৱায়ো বাংলা আলোচনীত প্ৰবন্ধ লিখিছিল, যজ্ঞৰাম ফুকনে ইংৰাজী পদ্যৰ বাংলা অনুবাদ কৰিছিল৷ দ্বিতীয়তে জনসংখ্যাৰ ফালৰপৰা অধিক সংখ্যক লোকে ব্যৱহাৰ কৰা আৰু ইতিমধ্যে সাহিত্যিক নৱজাগৰণে প্ৰতিষ্ঠা আনি দিয়া শক্তিশালী বাংলা ভাষাৰ ছায়াবৃত্ত অসমীয়া ভাষাৰ ওপৰত পৰিল৷ পৰৱৰ্তী কেবাটাও দশকজুৰি অসমীয়া ভাষাই নিজকে এই ছায়াবৃত্তৰপৰা মুক্ত কৰিবলৈ চেষ্টা কৰিবলগা হৈছে৷ তৃতীয়তে, অসমীয়া ভাষাৰ স্বতন্ত্ৰতা সম্পৰ্কে এক সন্দেহৰ সৃষ্টি হয়;  অসমীয়া ভাষা বাংলাৰ উপভাষাহে এনে এক ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হয়৷ চতুৰ্থতে, অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাই অসমত থকা বঙালী আমোলাসকলৰ এটা শ্ৰেণীক কিছু পৰিমাণে অসন্তুষ্ট কৰিলে৷ কাৰণ কৰ্মক্ষেত্ৰত  তেওঁলোকে ইতিমধ্যে লাভ কৰা সা-সুবিধাৰপৰা বঞ্চিত হোৱাৰ উপক্ৰম হ’ল৷ তদুপৰি, বাংলা ভাষা প্ৰৱৰ্তনৰ ফলস্বৰূপে হোৱা ভাষিক উচ্চাত্মিকা মনোভাবতো অসমীয়া ভাষাৰ পুনৰ প্ৰচলনে একধৰণে আঘাত কৰিলে৷ গতিকে তেওঁলোকে অসমীয়া ভাষা পুনৰ প্ৰচলনত প্ৰতিন্ধকতাৰ সৃষ্টি কৰে৷

অসমীয়া ভাষাৰ এই ঐতিহাসিক জটিল পৰিস্থিতি অনুধাৱন নকৰাকৈ বেজবৰুৱাৰ ভাষা -ভাবনাক অকলে ঠিয় কৰাব নোৱাৰি৷ ১৮৭৩ চনত অসমীয়া ভাষা পুনপ্ৰতিষ্ঠা হৈছিল যদিও ভাষাভিত্তিক সমস্যাৰ তাতেই ওৰ পৰা নাছিল৷ তদানীন্তন ভাষিক-সাংস্কৃতিক পৰিস্থিতিৰ মাজত এচাম বাংলাভাষী মানুহৰ উগ্ৰ জাতীয়তাবাদী মনোভাবক প্ৰতিহত কৰিবলৈ আৰু দেশীয় মানুহৰ হীনমন্যতা আঁতৰাবলৈ নেতৃত্বশীল ভূমিকা পালনৰ বাবে এগৰাকী শক্তিশালী জাতীয় নেতাৰ প্ৰয়োজন হৈছিল৷ কলিকতাত পঢ়িবলৈ যোৱা বেজবৰুৱাই বংগৰ নৱজাগৰণৰদ্বাৰা অনুপ্ৰেৰিত হৈ অসমীয়া জাতীয় পৰিচিতৰ প্ৰতিষ্ঠাৰ বাবে আগবাঢ়ি আহিছিল৷ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ (অ.ভা.উ.সা.সভা) আৰু এই সভাৰ মুখপত্ৰ ‘জোনাকীৰ মাজেৰেই অসমীয়া ভাষা সাহিত্য প্ৰতিষ্ঠাৰ বাবে সচেতনভাৱে এক আন্দোলন গঢ় দি তুলিছিল৷ বেজবৰুৱাৰ সাহিত্যকৰ্মৰ সামগ্ৰিক আৱেদনত সেয়ে জাতীয় ভাবমণ্ডল স্পষ্ট৷ ভাষা বিষয়ক ৰচনাখিনিও ইয়াৰ ব্যতিক্ৰম নহয়৷

বেজবৰুৱাদেৱে ভাষা বিষয়ক কোনো সুকীয়া গ্ৰন্থ ৰচনা কৰি যোৱা নাই৷ পৰিস্থিতিৰ দাবী আৰু জাতীয় ভাষাৰ প্ৰতিষ্ঠাৰ প্ৰয়োজনতেহে তেওঁ ভাষা বিষয়ক প্ৰবন্ধ ৰচনা কৰিছিল৷ গতিকে, অতি প্ৰণালীবদ্ধভাৱে বা সংহতভাৱে ভাষা বিষয়ক আলোচনা কৰা সুবিধা তেওঁৰ নাছিল, যিটো পৰৱৰ্তীকালত দেৱানন্দ ভৰালি, কালিৰাম মেধি বা বাণীকান্ত কাকতিৰ দৰে ভাষাতাত্ত্বিক পণ্ডিতসকলে কৰিছিল৷ পৰিস্থিতিৰ আহ৩ানত এক তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণৰ পৰিপ্ৰেক্ষিতত তেওঁ ভাষা বিষয়ক কেইটামান প্ৰবন্ধ ৰচনা কৰিছিল আৰু আন প্ৰবন্ধ আৰু ভাষণৰ মাজত স্থান বিষয়ে অসমীয়া ভাষা সম্পৰ্কে বক্তব্য দাঙি ধৰিছিল৷ 

‘জোনাকী’ৰ পাততে প্তম ভাগ আৰু ৬ষ্ঠ ভাগৰ কেইটামান খণ্ডত ‘অসমীয়া ভাষা’ শীৰ্ষক এলানি ৰচনা লিখিছিল, য’ত অসমীয়া ভাষাৰ সাহিত্যিক আৰু সামাজিক প্ৰতিষ্ঠাৰ ঐতিহাসিক ৰূপটো দাঙি ধৰা হৈছে৷ ভাষা প্ৰতিষ্ঠাৰ ঐতিহাসিক চেতনাৰ আঁৰত এক ভবিষ্যমুখী চেতনাই সবলৰূপত ক্ৰিয়া কৰি আছে৷ বেজবৰুৱাই লিখিছেঃ ‘‘যি ভাষাত শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলিয়ে লেখিছিল, যি ভাষাত দশম, কীৰ্তন, ঘোষা, ৰত্নাৱলী আছে, যি ভাষাত আদি কবি বাল্মীকিৰ সাতকাণ্ড ৰামায়ণ, বেদব্যাসৰ অষ্টাদশ পৰ্ব, মহাভাৰতৰ সুমধুৰ ভাঙনি আছে, যি ভাষালৈ শাস্ত্ৰশ্ৰেষ্ঠ শ্ৰীমদ্ভাগৱত আৰু হিন্দু ধৰ্মৰ কহিনুৰ ভগৱদগীতা মধুৰ ছন্দত তৰ্জমা হৈছে, যি ভাষাৰ বিস্তৰ পুৰাণ, বুৰঞ্জী, ইতিহাস, কাব্য আছে, যি ভাষা আজি পাঁচশ বছৰৰপৰা উন্নত লিখিত ভাষাৰূপে চলি আহিছে, সেই ভাষা যে মতিভ্ৰম  দুজন-এজন গৱৰ্ণমেণ্টৰ কৰ্মচাৰী বা নপঢ়ি-নুশুনি হোৱা ওজাৰ অৱহেলা, উপহাস বা  বিদ্ৰূপত মৰি যাব , এনে ভাবৰ এটি কণিকা পৰ্যন্তইও আমাৰ শৰীৰত এটোপা অসমীয়া তেজ থাকে মানে ঠাই পাব নোৱাৰে৷’’ (বেজবৰুৱা ৰচনাৱলী, পঞ্চম খণ্ড, ২০১০, পৃঃ ৩৯) বেজবৰুৱাৰ এই ভাষা চেতনা জাতি চেতনাৰ অনুকূলে গঢ় লৈ উঠা এক শক্তিশালী ভাবনা৷ 

ঊনবিংশ শতিকাৰ শেষৰ ফালে অৰ্থাৎ ব্ৰিটিছ আমোলতেই ভাৰতবৰ্ষত জাতীয়তাবাদী ধাৰণাই গঢ় লৈ উঠে৷ ভাৰতীয় জাতীয়তাবাদৰ উদ্ভৱৰ প্ৰক্ৰিয়া অতি জটিল আৰু বহুমুখী যদিও জাতি চেতনাৰ এক চৰ্ত হিচাপে ভাৰতবৰ্ষৰ বহু ভাষিক পৰিস্থিতিৰ মাজতে আঞ্চলিক ভাষিক গোটবোৰে ভাষা-চেতনাক শক্তিশালী কৰি তুলিছিল৷ বংগদেশতো বাংলা ভাষাক লৈ জাগৰণৰ সৃষ্টি হৈছিল৷ জাতি হিচাপে নিজৰ স্বতন্ত্ৰতা প্ৰতিষ্ঠা কৰাৰ বাবে মাতৃভাষাৰ চৰ্চাই আছিল জাতীয়তাবাদী চেতনাৰ মূল স্পিৰিত৷ কলিকতাত পঢ়িবলৈ গৈ এই বিষয়টো বেজবৰুৱাই সঠিকভাৱে অনুধাৱন কৰিব পাৰিছিল আৰু নিজৰ সেই চেতনাক মাতৃভাষাৰ স্বতন্ত্ৰতা ৰক্ষাৰ স্বাৰ্থত সঠিকভাৱে প্ৰয়োগ কৰিছিল৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে আধুনিক সমাজবিজ্ঞানীসকলেও ভাষাৰ লগত জাতীয়তাৰ সম্পৰ্ক স্বীকাৰ কৰে৷ ষ্টেলিন, হবছৱাম আদি সমাজবিজ্ঞানীসকলেও ভাষাৰ লগত জাতীয়তাৰ সম্পৰ্ক বিচাৰ কৰিছে৷ John E Joseph নামৰ সমাজবিজ্ঞানীৰ মতেও ‘‘A consistent theme within studies as national identity over the last four deeades has been the central importance of language in its formation. Aa we shall see, a number of prominent historians, sociologists and political scientists have argued that the existence of a national language is the primary foundation upon which nationalists ideology is constructed. Others, however, have paid more serious attention to the evidence compiled by linguistic historians showing that national languages are not actually a given, but are themselves constructed as part of the ideological work of nationalism building.’’ (Language and Identity, ২০০৪, p. ৯৪) অৰ্থাৎ জাতীয় মতাদৰ্শ গঢ় লোৱাৰ ক্ষেত্ৰত জাতীয় ভাষাটো প্ৰাথমিক ভেটি আৰু এই জাতীয় ভাষাটো আৰোপ কৰা নহয়, জাতীয়তা গঠনৰ আদৰ্শ হিচাপে ইয়াক গঢ় দি তোলা হয়৷ মনকৰিবলগীয়া যে, ঊনবিংশ শতিকাৰ জাতীয়তাবাদৰ সাংস্কৃতিক পটভূমিত ঐতিহাসিকভাৱে গঢ় লোৱা এক জীৱনযাত্ৰা আৰু এক মানসিকতাৰ এটা স্থায়ী সম্প্ৰদায়ৰ উমৈহতীয়া ভাব প্ৰকাশৰ মাধ্যম হিচাপে অৰ্থাৎ ‘অসমীয়া’ জাতীয়তা গঠনৰ আদৰ্শ হিচাপে বেজবৰুৱাই অসমীয়া ভাষাক গঢ় দি তুলিবলৈ প্ৰয়াস কৰিছিল৷ তেওঁ সঠিকভাৱেই বুজিছিল ‘‘যাক আমি আজি অসমীয়া মানুহ বোলোঁ আৰু যি ভাষাক অসমীয়া ভাষা বোলোঁ, সেই দুয়ো অনেক জাতিৰ অনেক দেশৰ মানুহ আৰু ভাষাৰ সানমিহলি হৈ হোৱা বস্তু৷’’ (সপ্তম খণ্ড, পৃঃ ৭০)

ভাৰতীয় ভাষাসমূহ ভাৰতবৰ্ষৰ সাহিত্যিক তথা সামাজিক পৰিমণ্ডলত সুদীৰ্ঘ দিন প্ৰতিষ্ঠিত হৈ থাকিলেও ইংৰাজ শাসনৰ পূৰ্বে জাতীয় ভাষাৰ কোনো ধাৰণা নাছিল৷ ইংৰাজী শিক্ষাই এহাতে আধুনিকতাৰ দুৱাৰ মুকলি কৰি দিছিল আনহাতে ঔপনিৱেশিক প্ৰত্যাহ৩ানৰ সন্মুখীন হৈ নিজৰ ভাষা-সাহিত্য ৰক্ষা কৰাৰ বাবে দেশীয় মানুহ তৎপৰ হৈ উঠিছিল৷ ভাষা চেতনা তেতিয়াই প্ৰবল হৈ উঠে যেতিয়া ভাষাটো সংকটৰ সন্মুখীন হয়৷ ঔপনিবেশিক শাসনৰ ফলস্বৰূপে অসমীয়া ভাষাৰ লগত বাংলা ভাষাৰ সংঘাত আৰম্ভ হৈছিল৷ এই সন্দৰ্ভত মাতৃভাষা সম্পৰ্কে এক দৃঢ়মত পোষণ কৰি বেজবৰুৱাই লিখিছিলঃ ‘‘অসমীয়া ভাষা বঙলা ভাষাৰপৰা ওলাইছে নে চীনা ভাষাৰপৰা ওলাইছে, এই কথা আমাক এতিয়া নেলাগে যদিও আমি সুন্দৰকৈ জানো আৰু যদিও ভাষাবিদ পণ্ডিতসকলে সুন্দৰকৈ প্ৰমাণ কৰিছে যে বঙলা, উড়িয়া, হিন্দী আদি ভাষাৰ সৈতে তাৰ ভাই ভাই সম্বন্ধ৷ আমি দেখিছোঁ, আমি পাইছোঁ, আমি বুজিছোঁ, অসমীয়া এটা ভিন্ন ভাষা৷ অসমীয়া আমাৰ মাতৃভাষা৷ মাতৃভাষাৰ উন্নতি  আমাৰ সাধ্যমতে, অদম্য উৎসাহ, অশেষ যত্ন, অশেষ পৰিশ্ৰমেৰে আমি কৰি যাব লাগে৷’’ (বেজবৰুৱা ৰচনাৱলী, সপ্তম খণ্ড, ২০১০, পৃঃ ৪০) উল্লেখনীয় যে এই শেষৰ বাক্যটো বেজবৰুৱাৰ অন্তৰাত্মাৰ ধবনি৷ কাৰণ তেওঁ নিজেই এই বাক্যৰ জীৱন্ত প্ৰতিফলক৷

অসম সাহিত্য সভাৰ সপ্তম অধিবেশনত সভাপতিৰ অভিভাষণতো মাতৃভাষাৰ উন্নতিক সকলোতকৈ আগস্থান দিছে৷ তেওঁ উল্লেখ কৰিছেঃ ‘‘মাতৃভাষাৰ উন্নতিয়েই আমাৰ দেশৰ উন্নতি, আমাৰ স্বজাতিৰ উন্নতি৷ এই মাতৃভাষাৰ সেৱাই আমাৰ দেশৰ সেৱা, আমাৰ জাতীয় জীৱনৰ আনন্দৰ বিজয় পতাকা- আমাৰ লুপ্ত গৌৰৱৰ পুনৰুত্থান আমাৰ জীৱন কৰ্তব্যৰ শিৰৰ মুকুট৷’’ (বেজবৰুৱা ৰচনাৱলী, সপ্তম খণ্ড, পৃঃ ১৯৮) বেজবৰুৱাৰ এই বাণী আৰু আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হৈয়ে পৰৱৰ্তী কালত অসমৰ লেখক, সাহিত্যিক সকলে ভাষা-সাহিত্যৰ উন্নতিৰ দিশটো সন্মুখত ৰাখি জাতীয় জীৱনৰ উন্নতি কৰিবলৈ আগবাঢ়ি আহিছিল৷ বেজবৰুৱাৰ জাতীয় ভাবনাবোৰ অনুপ্ৰাণিত হৈ বাণীকান্ত কাকতিয়ে ‘Assamese, Its Formation and Development’ গ্ৰন্থত অসমীয়া ভাষাৰ গঠন আৰু বিকাশৰ বিজ্ঞানসন্মত ৰূপ দাঙি ধৰিছিল৷ কাকতিৰ কৰ্মৰ মাজতো সেই ধবনি অনুৰণিত হৈছিল যে ‘‘ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে৷’’ (বাণীকান্ত ৰচনাৱলী)

‘জোনাকী’ত প্ৰকাশ পোৱা ‘অসমীয়া ভাষা’ শীৰ্ষক তৃতীয় বক্তৃতাটিত বেজবৰুৱাই ডিব্ৰুগড়ৰপৰা প্ৰকাশ হোৱা ইংৰাজী বাতৰি কাকত ‘টাইমছ অৱ আছাম’ত প্ৰকাশিত প্ৰবন্ধ এটাত উত্থাপিত অসমীয়া ভাষা বাংলা ভাষাৰ পৰা ওলাইছে এনে বিষয় এটিৰ প্ৰতিবাদকল্পে লেখিছে৷ এই প্ৰবন্ধৰ বাদ-প্ৰতিবাদৰ প্ৰাসংগিকতা বৰ্তমান সময়ত নাই যদিও ৰচনাখনৰ শেষৰ ফালে কৰা এটি মন্তব্য অতি তাৎপৰ্যপূৰ্ণ৷ তেওঁ লেখিছে ‘‘কোনো এটা বিষয়ৰ ওপৰত মতামত প্ৰকাশ কৰিবলৈ গ’লে, সকলোৱে ধৰি লয় যে মতামত প্ৰকাশ কাৰোঁতাজনে সেই বিষয়টো ভালকৈ জানে নতুবা তেওঁৰ মতামত অকামিলা৷ মই ডাক্তৰ নহওঁ, কিন্তু ‘ব্ৰিৰ্টিছ মেডিকেল জাৰ্নেল’ত বা লেনচেট’ত ৰোগৰ সম্বন্ধে প্ৰবন্ধ লেখিবলৈ গ’লে তাৰ মূল্য কি? অসমীয়া ভাষাৰ ওপৰত মতামত প্ৰকাশ কৰিবলৈ যোৱাসকলে যদি অসমীয়া ভাষাত তেওঁলোকৰ কি বক্তব্য আছে প্ৰকাশ কৰিব নোৱাৰে, তেন্তে অসমীয়া সৰ্বসাধাৰণৰ আদালতত তেওঁবিলাকৰ নামে আমি অনধিকাৰ প্ৰৱেশৰ নালিচ ৰজু কৰিম ...৷’’ (বেজবৰুৱা ৰচনাৱলী, সপ্তম খণ্ড, ২০১০, পৃঃ ৫৭) ক্ষোভ প্ৰকাশৰ বাবেই তেওঁৰ বক্তব্যত ব্যংগৰ তীক্ষ্মতা থাকিলেও তেওঁৰ দৃষ্টিভংগী স্পষ্ট; সেয়া হ’ল কোনো ভাষাৰ বিষয়ে মতামত প্ৰকাশ কৰিব যোৱাজনৰ সেই ভাষাটোত বক্তব্য প্ৰকাশৰ ক্ষমতা থকা উচিত৷

‘জোনাকী’ত প্ৰকাশিত ‘অসমীয়া ভাষা’ শীৰ্ষৰ পঞ্চম বক্তৃতাটিত এণ্ডাৰ্ছনৰ ‘অসমীয়া ভাষা’ নামৰ প্ৰবন্ধৰ কেতবোৰ বিষয় তেওঁ উত্থাপন কৰিছে৷ বিশেষকৈ ‘কালক্ৰমত বাংলা ভাষাই অসমীয়া ভাষা গিলি পেলাব’ এণ্ডাৰ্ছনৰ এই শংকা তেওঁ মানি ল’ব পৰা নাই৷ নিঃসন্দেহে বেজবৰুৱাৰ দৰে জাতীয় ভাষা ৰক্ষাৰ অতন্ত্ৰ প্ৰহৰী সকলৰ কৰ্ম আৰু প্ৰেৰণাৰ বাবে শক্তিশালী প্ৰতিৱেশী বাংলাৰ ছায়াবৃত্তই অসমীয়া ভাষাক গ্ৰাস কৰিব পৰা নাই৷ এই লানি ৰচনাৰ সামৰণি বক্তৃতাত অসমীয়া ভাষাৰ উন্নতিৰ বাবে তেওঁ কেতবোৰ পৰামৰ্শও দাঙি ধৰিছে৷ এইবোৰৰ সাৰাংশ এনেধৰণৰঃ
১. পুৰণি পুথিবিলাক ছপাই সহজলভ্য কৰি তুলিব লাগে৷ 
২. অকল পঢ়াশালিৰ নিমিত্তে কিতাপ লিখিলে ভাষাৰ উন্নতি নহয়৷ 
৩. অকল বিদেশী গ্ৰন্থৰ অনুবাদেৰে নহয়; বিদেশী গ্ৰন্থৰ ভাল ভাববিলাক গ্ৰহণ কৰি সেইবিলাক জীণ নিয়াই নিজৰ তেজ-মঙহেৰে সৈতে মিলাই নিজৰ ভাষাত সেইবিলাক ব্যৱহাৰ কৰিব পাৰিলেই ভাষাৰ প্ৰকৃত উন্নতি হয়৷
৪. ভাষা এটাৰ উন্নতিৰ বাবে অকল ব্যাকৰণ অভিধান অপৰিহাৰ্য নহয়৷ অভিধান-ব্যাকৰণ ভাষাৰ লেমটোহে, ভাষা অভিধান ব্যাকৰণৰ লেমটো নহয়৷
৫. আখৰ-জোঁটনিৰ গোলমাল ভাষাৰ উন্নতিৰ হেঙাৰ নহয়৷ বহুত উন্নত ভাষাইও বৰ্ণবিন্যাসৰ গোলমালৰ হাত আজিলৈকে সাৰিব পৰা নাই৷ 
৬. জীণ যোৱা বিদেশী শব্দই ভাষা শক্তিশালী কৰে৷ কিন্তু গোটাগোটে বিদেশী শব্দ গিলিবলৈ যোৱাটো ভাল নহয়৷
৭. আমাৰ ভাষাৰ প্ৰতি অকৃত্ৰিম(sincere) ভালপোৱা  অবিহনে বাহ্যিক বাতাবৰণে ভাষাটোৰ উন্নতি সাধন কৰিব নোৱাৰে৷ 
৮. অসমীয়া ভাষাৰ উন্নতি কৰিবলৈ হ’লে আমাৰ ভাষাত বাতৰি কাকতৰ আৰু সাৰুৱা প্ৰবন্ধেৰে পূৰ্ণ মাহেকীয়া আলোচনী কাকতৰ বহুল প্ৰচাৰ আৱশ্যক৷ 
৯. সৰ্বসাধাৰণে বুজিবপৰা আৰু ৰস পোৱা নাটক, উপন্যাস আৰু গল্পৰ কিতাপে ভাষাৰ উন্নতি কৰে৷ 
১০. অসমীয়া ভাষাত ভাল বক্তৃত কৰিবলৈ, প্ৰবন্ধ লেখিবলৈ, পঢ়িবলৈ আৰু তৰ্ক কৰিবলৈ নধৰিলে ভাষাৰ উন্নতি কৰোঁ বুলি চিঞৰা মিছা৷

ভাষা এটাক যে তাৰ সাহিত্য আৰু চৰ্চাই চহকী কৰি তোলা ভাব প্ৰকাশিকা শক্তিয়েহে প্ৰাণৱন্ত আৰু শক্তিশালী কৰি তোলে সেই দিশটো বেজবৰুৱাই বিশেষভাৱে উপলব্ধি কৰিছিল আৰু তেওঁৰ ভাষা-ভাবনাত সেই দিশটোৱে বিশেষভাৱে গুৰুত্ব লাভ কৰিছে৷

‘অসমীয়া ভাষাৰ উন্নতি’ শীৰ্ষক প্ৰবন্ধতো বেজবৰুৱাই ভাষা সম্পৰ্কে এক সচেতন দৃষ্টিভংগী প্ৰকাশ কৰিছে৷ ভাষা এটা কিমান শক্তিশালী সেয়া জনসংখ্যাই প্ৰমাণ নকৰে৷ সেই ভাষা কোৱা মানুহৰ সচেতনতা আৰু ভালপোৱাইহে ভাষাটো শক্তিশালী ৰূপত গঢ় দি তুলিব পাৰে৷ তেওঁ কৈছে, ‘‘লেখত তাকৰীয়া মানুহেও লেখত সৰহীয়াতকৈ ডাঙৰ আৰু সৰহ কাম কৰিছে আৰু কৰিব পাৰে৷ ... স্বদেশৰ আৰু স্বজাতিৰ উন্নতি আৰু মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা৷ এনে মাতৃভাষাৰ সেৱক হৈ প্ৰগাঢ় ভক্তিৰে তাৰ কুশলৰ অৰ্থে নিজৰ এই নশ্বৰ দেহৰ সকলো ক্ষমতা সমৰ্পণ কৰি আমি এহাশুধীয়াভাৱে আমাৰ কৰ্তব্য কাম কৰি গ’লে অচিৰতে মংগলৰূপী উন্নতিৰ কিৰীটিয়ে অসম আইৰ পৱিত্ৰ মূৰ শোভা কৰিব৷’’ দেশীয় মানুহৰ সাংস্কৃতিক চেতনাইহে আচলতে দেশ এখনৰ সামগ্ৰিক উন্নতি সাধন কৰিব পাৰে৷ সাংস্কৃতিক চেতনাৰ প্ৰথম পদক্ষেপটোৱে হৈছে জাতীয় ভাষাৰ উন্নতি৷ সেয়ে অতি দূৰদৰ্শিতাৰেই বেজবৰুৱাই এই দিশটো চিহ্নিত কৰিছে৷ 

‘অসমীয়া ভাষাৰ উন্নতি’ ৰ্শীষক দ্বিতীয় বক্তৃতাটোত তেওঁ উল্লেখ কৰিছে যে অসমীয়া ভাষাটোৰ আঞ্চলিক বিভিন্নতা থাকিলেও ‘অসমীয়া ভাষাই কোনো বিশেষ অঞ্চলক প্ৰতিনিধিত্ব নকৰে৷ অৰ্থাৎ  ‘অসমীয়া ভাষা’ অকল উজনিৰ ভাষা নহয়; সাহিত্যিক,  সাংস্কৃতিক গুৰুত্ব লাভ কৰিহে ভাষা এটাই মান্যতা লাভ কৰে, উপভাষাবিজ্ঞানৰ (dialectology) এই তাত্ত্বিক কথাখিনি কোনো জটিলতাৰ অৱতাৰণা নকৰি তেওঁ উল্লেখ কৰিছেঃ ‘‘অসমীয়া ভাষা উজনিৰো অকলশৰীয়া ভাষা নহয়, ভাটীৰো অকলশৰীয়া ভাষা নহয়৷ সি গোটেই অসমৰ ভাষা৷’’ (বেজবৰুৱা ৰচনাৱলী, সপ্তম খণ্ড, ২০১০, পৃঃ৭৫) অধিক জটিলতালৈ নগৈ বিষয় সম্পৰ্কে গভীৰ অন্তৰ্দৃষ্টি আৰু ব্যৱহাৰিক দিশৰ অভিজ্ঞানেৰে সমাজবিজ্ঞানৰ এই সিদ্ধান্ত বেজবৰুৱাই দিছে৷ সেইদৰে, অসমীয়া ভাষা-গঠনৰ এক ঐতিহাসিক সত্যও তেওঁ এই ৰচনাখনত দাঙি ধৰিছে৷ সেয়া হ’লঃ ‘‘ প্ৰাকৃতিক আৰু সামাজিক অৱস্থাহে অসমীয়া ভাষাৰ সৃষ্টিকৰ্তা৷ যিবোৰ কাৰণৰ নিমিত্তে পৃথিৱীৰ আন আন দেশতো ভাষা সৃষ্টি হৈ আহিছে সেইবোৰ কাৰণত অসমতো অসমীয়া ভাষা সৃষ্টি হ’ল৷... অসম এখন সুকীয়া স্বাধীন ৰাজ্য আছিল৷ অসমলৈ যোৱা আৰ্যবিলাক আৰু ভাৰতৰ আন আন ঠাইত থকা আৰ্যবিলাকৰ ভিতৰত দূৰতাৰ ব্যৱধান আৰু গমনা গমনৰ অসুবিধা ঘটিল৷ কালক্ৰমত অসমবাসী আৰ্যৰ ভাষাই দেশী ভাষাৰ সৈতে সানমিহলি হৈ এটা নতুন আকৃতি ধাৰণ কৰিলে৷ সেই নতুন গঢ়ৰ আৰ্যভাষাই অসমীয়া ভাষা৷’’ (বেজবৰুৱা ৰচনাৱলী, সপ্তম খণ্ড, ২০১০, পৃঃ ৭৮) প্ৰাচীন কামৰূপত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আৰ্যমূলীয় ভাষাটোৱে এক স্বতন্ত্ৰ বিকাশৰ ধাৰা অনুসৰণ কৰি গঢ় লৈ উঠিছে৷ বেজবৰুৱাদেৱে সেয়ে অসমীয়া ভাষা গঠনৰ প্ৰভাৱশালী দিশ দুটা উল্লেখ কৰিছে সেয়া হ’ল এই ভূখণ্ডৰ প্ৰাকৃতিক আৰু সামাজিক অৱস্থা৷ প্ৰাকৃতিক অৱস্থা বাবেই ভাৰতৰ আন অঞ্চলৰ লগত যোগাযোগৰ ব্যৱধান পৰিলক্ষিত হয়৷ আৰু অসম যিহেতু এক স্বাধীন ৰাজ্য আছিল সেয়ে ৰাজনৈতিকভাবে ভাৰতৰ আন অংশপৰা ই পৃথকে আছিল৷ সামাজিক অৱস্থাও ভাষা গঠনৰ এক শক্তিশালী দিশ৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ সুকীয়া সুকীয়া ভাষাৰ মাজত এটা সংযোগী ভাষাৰ প্ৰয়োজন হৈছিল৷ লিখিত পৰম্পৰাযুক্ত আৰ্যভাষাটোহে সেই প্ৰয়োজন পূৰণ কৰিছিল৷ গতিকে বিশেষ সামাজিক পৰিস্থিতিৰ মাজত স্থানীয় ভাষাসমূহৰ সৈতে সানমিহলি হৈ আৰ্যভাষাটোৱে এক নতুন ৰূপ লয়৷ এই নতুন গঢ়ৰ আৰ্যভাষাটোৱে হ’ল অসমীয়া ভাষা সমাজ-ঐতিহাসিক (socio-historical) দৃষ্টিৰেই বেজবৰুৱাই অসমীয়া ভাষাৰ গঠন আৰু বিকাশ সম্পৰ্কে এক তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰিছে৷ আন এক মনকৰিবলগীয়া দিশ, জাতীয় ভাষা হিচাপে অসমীয়া ভাষাটো স্বতঃস্ফূৰ্তভাৱেই গঢ় লৈ উঠিছিল৷ এই দিশটো বেজবৰুৱাই উনুকিয়াই গৈছে এইদৰেঃ ‘‘অসমীয়া ভাষাটো আজিৰ অসমীয়া ডেকাসকলে বা আগৰ অসমীয়া বুঢ়াসকলে নিজক সুকীয়া জাতি বোলাবলৈ সাজি উলিওৱা বস্তু নহয়৷’’ (বেজবৰুৱা ৰচনাৱলী, সপ্তম খণ্ড, পৃঃ ৭৮) জাতীয় ভাষা হিচাপে অসমীয়া ভাষা এক সাংস্কৃতিক নিৰ্মাণ (culturally constructed); এক ঐতিহাসিক পৰিক্ৰমাৰ মাজেৰেহে অসমীয়া ভাষাই জাতীয় ভাষাৰূপে গঢ় লৈ উঠিছে৷ 

বাঁহীৰ প্ৰথম বছৰ ৯ম - ১২ সংখ্যাত (১৮৩২ শক) প্ৰকাশিত ‘অসমীয়া গৌৰীপুৰত বঙলা সাহিত্য সভা’ শীৰ্ষক প্ৰবন্ধটিত গৌৰীপুৰত অনুষ্ঠিত উত্তৰ-বংগ সাহিত্য সন্মিলনত সেই সময়ৰ কটন কলেজৰ অধ্যাপক পদ্মনাথ বিদ্যাবিনোদে দিয়া ভাষণত অসমীয়া ভাষা সম্পৰ্কে কৰা মন্তব্যৰ বিৰোধিতা কৰিছে৷ গ্ৰীয়াৰ্ছন, গেইটৰ বুৰঞ্জীৰ উদ্ধৃতি দি প্ৰাচীন অসমীয়া সাহিত্যৰ বিবিধ প্ৰসঙ্গ টানি বেজবৰুৱাই বিদ্যাবিনোদৰ মত খণ্ডন কৰিছে৷ উল্লেখযোগ্য যে সেই সময়ত বঙলা কাকত -আলোচনী বা অন্যত প্ৰকাশিত অসমীয়া ভাষা বিৰোধী যিকোনো মন্তব্যকে বেজবৰুৱাই অতি সবল যুক্তিৰে খণ্ডন কৰা পৰিলক্ষিত হয়৷ ‘বাঁহী’ৰ তৃতীয় বছৰ একাদশ সংখ্যাত প্ৰকাশিত ‘ধনঞ্জয় চিকুট’ ৰচনাখনে কটকবাসী যোগেশচন্দ্ৰ ৰায় নামৰ ব্যক্তি এগৰাকীয়ে ‘প্ৰবাসী’ নামৰ মাহেকীয়া কাকত এখনত ‘অসমীয়া ভাষা’ শীৰ্ষক দুটা প্ৰবন্ধ আৰু ‘মৃন্ময়ী’ নামৰ কাকতত লিখা লেখা এটাৰ প্ৰতিবাদকল্পে লিখা হৈছে৷ উল্লেখযোগ্য যে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে ‘ভাৰতী’ পত্ৰিকাত লেখা ‘ভাষা বিচ্ছেদ’ নামৰ প্ৰবন্ধ এটিৰ প্ৰতিবাদকল্পেও বেজবৰুৱাই ‘পুণ্য’ নামৰ আলোচনীত বাংলাতে ‘আসামী ভাষা’ নামৰ প্ৰবন্ধ এটি লিখি প্ৰত্যুত্তৰ দিছিল৷ ‘ভাষাবিচ্ছেদ’ প্ৰবন্ধত ৰবীন্দ্ৰ নাথ ঠাকুৰে অসমীয়া আৰু উড়িয়া বাংলাৰ উপভাষা বুলি অভিহিত কৰিছিল৷ ব্যক্তিগতভাৱে তথা সামাজিক আৰু সাহিত্যিক জগতৰ এই মনীষী গৰাকীৰ প্ৰতি বেজবৰুৱাৰ অপৰিসীম  শ্ৰদ্ধা থাকিলেও কিন্তু জাতীয় জীৱনৰ প্ৰশ্নত তেওঁ কম্প্ৰ’মাইজ কৰা নাই৷ অৱশ্যে অসমীয়া আৰু উড়িয়া ভাষা সম্পৰ্কে কৰা মন্তব্যত কবিগুৰুৰ বিচাৰ বিভ্ৰাট ঘটিছে বুলি পৰৱৰ্তীকালত  বাংলা সমালোচক নিজেই স্বীকাৰ কৰিছেঃ ‘‘ প্ৰয়োগমূলক সমাজভাষাবিজ্ঞানৰ আৰ একটি জায়গায় ৰবীন্দ্ৰনাথকে মন্তব্য কৰতে দেখি, সেটি ‘‘ভাষাবিচ্ছেদ’’ (‘বাংলা শব্দতত্ত্ব’) প্ৰবন্ধে উড়িষ্যা ও আসামে লিখন-পঠনেৰ ভাষা-নিৰ্ধাৰণেৰ সময়৷ এখানে তাঁৰ আনুকুল্য ছিল বাংলাভাষাৰ প্ৰতি৷ বলেছেন ওই দুই প্ৰদেশে লেখা পঢ়াৰ ভাষা হিসেবে বাংলা চালু হলে তা শুভদায়ক হ’ব৷ এখানেই স্পষ্টতই তাঁৰ বিচাৰবিভ্ৰাট ঘটেছে৷ তাঁৰ সময়কাৰ অধিকাংশ শিক্ষিত  বাঙালিৰ মতো নিতিও ওড়িয়া ও অসমীয়া ভাষাৰ স্বাতন্ত্ৰ্য বা Autonomy বিষয়ে অস্পষ্ট ধাৰণা পোষণ কৰেছেন, মনে কৰেছেন ওড়িয়া ও অসমিয়া বাংলাৰ উপভাষাৰই মতো৷... হয়তো তিনি খেয়াল কৰেননি যে, আজকেৰ ৰাষ্ট্ৰনৈতিক জটিলতাৰ যুগে কোনো ভাষা অন্য ভাষাৰ খুব কাছাকাছি – এটা তাদেৰ ঐক্যৰ পক্ষে কোনো যুক্তিই নয়৷ ব্যাকৰণ ও বিবৰ্তনেৰ ইতিহাস যাই বলুক না কেন, ভাষা দুটি যাৰা বোলে তাৰা যদি নিজেদেৰ স্বতন্ত্ৰ ভাষী বলে মনে কৰে এবং ৰাষ্ট্ৰনৈতিক ও সাংস্কৃতিক স্বাতন্ত্ৰ্য ৰক্ষা কৰতে উদ্যোগী হয়, তখন সেই স্বাতন্ত্ৰ্যকেই আমাদেৰ স্বীকাৰ ও সন্মান কৰতে হবে৷’’ (সৰকাৰ, পবিত্ৰঃ ভাষামননঃ বাঙালি মনীষা,১৯৯৯, পৃঃ৬৮-৬৯) গতিকে এনে বিভ্ৰান্তিজনক মন্তব্য যেতিয়া জাতীয় ভাষা সম্পৰ্কীয় হয় তেন্তে জাতীয় চৈতন্য গৰ্বী লোক হিচাপে বেজবৰুৱাৰ প্ৰতিবাদ স্বাভাৱিক আৰু আদৰ্শনীয় বুলি বিবেচনা কৰিব পাৰি৷

অসমীয়া ভাষা সম্পৰ্কে জাতীয়তাবাদী দৃষ্টিভংগীৰে বিচাৰ কৰিবলৈ যাওঁতে ঠায়ে ঠায়ে বেজবৰুৱাৰ সাধাৰণ ভাষাবিজ্ঞানৰ (General Linguistics) কেতবোৰ দিশো স্পষ্ট হৈ পৰিছে৷ ‘জোনাকী’ত প্ৰকাশিত ‘অসমীয়া ভাষা’ শীৰ্ষক দ্বিতীয় বক্তৃতাটোত বেজবৰুৱাই ভাষাৰ সাধাৰণ লক্ষণ সম্পৰ্কেও উল্লেখ কৰিছে৷ ভাষাৰ এক সুনিৰ্দিষ্ট সংজ্ঞা নিৰ্মাণৰ কঠিনতা উল্লেখ কৰিও এক সংজ্ঞা দিয়াৰ প্ৰয়াস তেওঁ কৰিছেঃ ‘‘ভাষা কাক কয়? ভাষাটো কি বস্তু? ভাষাৰ প্ৰধান লক্ষণ কি? এনেবিলাক প্ৰশ্নৰ উত্তৰ যাকে সোধা যায়, সেয়ে মোটামুটিকৈ দিবলৈ আগবাঢ়িব৷ কিন্তু উত্তৰ দিওঁতাসকলে এইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াটো উজু বুলি ভাবে, স্বৰূপতে সিমান উজু হোৱাহেঁতেন অতি পুৰণি প্লেটো আৰু এৰিষ্টটলৰ কালৰপৰা আজিৰ হুইটনি আৰু মেক্সমূলাৰৰ কাললৈকে ভাষাজ্ঞসকলৰ পৰা এইবোৰ প্ৰশ্নৰ উত্তৰ তিনিশ তিনিটা বিধীয়া হৈ নোলালহেঁতেন৷ ... মানুহে মনৰ চিন্তা বা ভাব প্ৰকাশ কৰিবৰ সঙ্কেত স্বৰূপে নানা প্ৰকাৰে লগ লগোৱা আৰু সজোৱা যিবিলাক নানাসুৰীয়া শব্দ বা মাত ব্যৱহাৰ কৰে, সেইবিলাককে ভাষা বোলা যায়৷ যিবিলাক মাত মাতোঁ, ভাষা নাম পাবৰ আগেয়ে সেইবিলাক অৰ্থবোধক হ’ব লাগে, নতুবা অৰ্থশূন্য বান্দৰৰ কিচিমিচি বা বনৰীয়া চৰাইৰ গীতৰ সৈতে তাৰ একো প্ৰভেদ নাথাকে৷ ভাষা ভাবৰ বাহ্যিক আকৃতি৷ নিৰাকাৰ মন লোকৰ আগত সাকাৰ হৈ প্ৰকাশ হ’বৰ নিমিত্তে  ভাষাৰূপে আমাৰ মুখত অৱতাৰ৷’’ (বেজবৰুৱা ৰচনাৱলী, সপ্তম খণ্ড, ১০১০, পৃঃ৪২) ভাষা সম্পৰ্কে (বেজবৰুৱাৰ ধাৰণা স্পষ্ট আৰু ই আধুনিক ভাষাবিজ্ঞানৰ ওচৰচপা) কিন্তু তাত্ত্বিক জটিলতালৈ নগৈ, ভাষাৰ সাধাৰণ লক্ষণ সম্পৰ্কে স্পষ্ট ধাৰণা দিব পাৰিছিল বিষয় বস্তু সম্পৰ্কে থকা তেওঁঁৰ অন্তদৃৰ্ষ্টিৰ ফলত৷ এই লেখাটোত তেওঁ অংগী-ভংগীৰ দ্বাৰা যে এটা স্তৰলৈহে ভাব প্ৰকাশ কৰিব পাৰি সেই কথাও উল্লেখ কৰিছে৷ শব্দ আৰু অৰ্থৰ সম্বন্ধ যে আৰোপিতহে সেই কথাটোও বেজবৰুৱাই উদাহৰণসহ দেখুৱাইছেঃ ‘‘গোটাচেৰেক উ২৬৩াসব্যঞ্জক শব্দ (Interjection) আৰু গোটাচেৰেক বস্তু বা পৰ্দানৰ অনুকাৰী শব্দৰ (Onomatopeic) বাহিৰে কোৱা ভাষাৰ শব্দবিলাক প্ৰায় গোটেইবোৰ মনেৰে সজা৷ ভাব আৰু শব্দৰ ভিতৰত ইয়াত কোনো সন্দেহ নাই৷ ভাত কথাটোৱে কিয় চাউল সিজোৱাক বুজায়, ৰ অঙ্কটোৱে কিয় এটা বস্তুক বুজায়, তাৰ কোনো মানে নাই৷ আমাৰ আদি পুৰুষসকলে ভাতক তভা আৰু মাতক তমা বোলাহেঁতেননো কোনো নুবুলিবি বুলি তেওঁলোকৰ হাতত ধৰিলেহেঁতেন ক’ব নোৱাৰোঁ৷’’ (পৃঃ৪৪) এই কথাখিনিৰপৰা তিনিটা কথা স্পষ্ট হৈ পৰিছে৷ (১) কিছুমান উৎসাহব্যঞ্জক আৰু ধবন্যাত্মক শব্দৰ বাহিৰে আন শব্দবোৰ প্ৰতীক ধৰ্ম্মী৷ (২) ভাব আৰু শব্দৰ মাজত কেতবোৰ উৎসাহব্যঞ্জক আৰু ধবন্যাত্মক শব্দৰহে মাত্ৰ সম্পৰ্ক আছে, বাকীবোৰৰ নাই৷ (৩) আৰোপিত অৰ্থটো পৰস্পৰাগতভাৱে চলি আহে৷ ‘জোনাকী’ত প্ৰকাশ হোৱা এই প্ৰবন্ধটোৰ সময় ১৮১৬-১৭ শক (ইং ১৮৯৫ চন) ; অৰ্থাৎ সাধাৰণ ভাষাবিজ্ঞান সম্পৰ্কে সুকীয়া পুথি ৰচনাৰ বহু আগেয়ে বেজবৰুৱাই অসমীয়া ভাষা সম্পৰ্কে লিখিবলৈ গৈ সাধাৰণ ভাষাবিজ্ঞানৰ কেতবোৰ দিশ সম্পৰ্কে নিৰহ-নিপাহীকৈ আলোচনা কৰিছে৷ পৰৱৰ্তীকালত অসমীয়া ভাষাত ভাষাবিজ্ঞানৰ যথেষ্ট আলোচনা হৈছে যদিও ভাষা সম্পৰ্কে সাধাৰণ ধাৰণাৰ বাটকটীয়া হিচাপে আমি বেজবৰুৱাৰ নাম ল’বই লাগিব৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে বিদ্যায়তনিক পদ্ধতিগত দিশত বেজবৰুৱাৰ ভাষা-চিন্তা পৰিব্যাপ্ত নোহোৱা বাবেই এই দিশটোৰ আলোচনাৰ ক্ষেত্ৰত বেজবৰুৱাৰ অৱদান উপেক্ষিত হৈ ৰৈ গৈছে৷ ভাষা সম্পৰ্কীয় তাত্ত্বিক দিশটোৰ লগত বেজবৰুৱাৰ পৰিচয় আছিল ঠিকেই কিন্তু তেওঁ যাৰ বাবে লিখিছিল অৰ্থাৎ সাধাৰণ পঢ়ুৱৈশ্ৰেণীটোৱে [বিশ্ববিদ্যালয়ৰ শিক্ষাৰ সমান্তৰালকৈ অহা বৌদ্ধিক শ্ৰেণীটোৰ বাহিৰৰ] তাত্ত্বিক দিশৰ কথাবোৰ কিমানদূৰ হৃদয়ঙ্গম কৰিব পাৰিব সেই দিশটোলৈও তেওঁ সততে দৃষ্টি ৰাখিছিল, যাৰ বাবে অতি জটিল ধাৰণা কেতবোৰ তেওঁ সহজ-সৰলভাৱে অসমীয়া ভাষাৰ পৰা উদাহৰণ দি দাঙি ধৰিছিল৷ আকৌ অসমীয়া ভাষা সম্পৰ্কে ক’বলৈ গৈহে তেওঁ সাধাৰণ ভাষা বিজ্ঞানৰ ধাৰণা স্থানবিশেষে তুলি ধৰিছে৷                                                

Post a Comment

0 Comments