* মহিম বৰা আছিল একাধাৰে গল্পকাৰ, ঔপন্যাসিক, কবি, অনুবাদক ৷ আধুনিক অসমীয়া গল্প সাহিত্যৰ এজন প্ৰতিষ্ঠিত আৰু প্ৰভাৱশালী গল্পকাৰ হিচাপে তেখেতৰ নামটো সততে স্মৰণ কৰা হয়৷ তেখেতৰ জন্ম হয় ১৯২৪ চনৰ দৰং জিলাৰ ঘোপধাৰু চাহবাগিছাত৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিভাগত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি পৰৱৰ্তী সময়ত নগাঁও কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ তেখেতৰ প্ৰথম গল্প সংকলন হৈছে ‘কাঠনীবাৰীৰ ঘাট’৷ মহিম বৰাৰ সাহিত্যৰাজিঃ গল্প সংকলন– ‘কাঠনীবাৰীৰ ঘাট’ (১৯৬১); দেহা গৰকা প্ৰেম (১৯৬৭); মই, পিপলি আৰু পূজা (১৯৬৭); বহুভূজী ত্ৰিভূজ (১৯৬…
Social Plugin