বাইকষ্টেণ্ডৰ পৰা ক্লাছৰূমলৈ নগ’লো৷ গ্ৰন্থালয় পালোহি৷
কলেজলৈ আহি দেৱ দাক মাত এষাৰ দিয়াটো আজি তিনিবছৰে অভ্যাস হৈ গৈছে৷ কেতিয়াবাহে এই নিয়মৰ ব্যতিক্ৰম হয়৷ সৌৰভ কুমাৰ চলিহাই লিখা দুপৰীয়া গল্পটোৰ দৰেই আজিৰ বতৰটো গৰমত অসহ্যকৰ হৈ পৰিছে৷ ন-বোৱাৰীৰ কপালৰ তেজাল ফুটটোৰ দৰেই সূৰ্যটোৱে আজি নিজক আনদিনাতকৈ উজ্বল ৰূপত প্ৰকট কৰাইছে৷ যেন মানুহে প্ৰকৃতিৰ ওপৰত কৰা নিৰ্মম অত্যাচাৰত বিতুষ্ট হৈ মানৱ সমাজৰ বিৰুদ্ধে প্ৰকৃতিৰ এয়া উষ্ণ প্ৰতিবাদ৷ ক্লাছ কৰিবলৈয়ো আজি মন যোৱা নাই৷ অৱশ্যে ক্লাছ নকৰোঁ বুলি থাকিলে লোকচান নিজৰে ৷ ক্লাছত উপস্থিতিৰ ওপৰত ভিত্তি কৰিও পৰীক্ষাত নম্বৰ দিয়াৰ ব্যৱস্থা আছে৷ ষাণ্মাসিক চিষ্টেমটোৱেই এনেকুৱা৷ ক্লাছ নকৰিলেও নম্বৰ নাপাওঁ; ইফালে পৰীক্ষাৰ সময়ত ফাইন ভৰিবলৈ আছেই৷ ৰিম্লি আৰু মৃদুস্মিতা গ্ৰন্থালয়ৰ সন্মুখেদি হাঁহি হাঁহি পাৰ হৈ গ’ল৷ কলেজৰ ধুনীয়া ছোৱালী বুলি ইহঁতদুজনীলৈ প্ৰায়ভাগ ল’ৰাৰে চকু৷ মোৰো চকুদুটা সিহঁতৰ ফালে গুছি গ’ল৷
ন বজাৰপৰাই কলেজ চৌহদটোত ছাত্ৰ-ছাত্ৰীৰ আগমনে পৰিৱেশটো ৰঙীণ কৰি তুলিলে৷ এনেয়েও এন এল কলেজখনক দেৱদাৰুৱে বছৰৰ প্ৰতিটো সময়তেই নতুন ৰূপ আৰু আভিজাত্যৰে জীপাল কৰি ৰাখে৷ এই জীপালতাক সাৰ পানী দিয়ে দেৱদাৰুৰ তলে তলে লানি নিছিগাকৈ আহ-যাহ কৰা নতুন প্ৰজন্মটোৰ উশাহ-নিশাহে৷ গ্ৰন্থালয়ৰ সন্মুখতে থকা প্ৰিন্সিপালৰ অফিচটোৰ দুয়োফালে এতিয়া দেশী-বিদেশী ফুলবোৰ জাকত জিলিকাকৈ ফুলিছে৷ বাইকষ্টেণ্ডৰ পৰা প্ৰায় কিছুদূৰ আগুৱাই আহি প্ৰিন্সিপালৰ অফিচৰ সন্মুখতে মইনুল ছাৰে এন্ফিল্ডখন ৰাখিলেহি৷ ৰঞ্জিতা বাইদেউ আৰু নিতুল ছাৰে আৰ্টছ বিল্ডিঙত ক্লাছ কৰিবলৈ লাইব্ৰেৰীৰ পিছফালৰ গলিটোৱেদি চৰ্টকাট দিছে৷
মই দৰকাৰ হ’লে গৰমেই সহ্য কৰিব ল’ব পাৰোঁ, কিন্তু গৰম বিনাশিবলৈ ক্লাছ ৰূমটোত মোৰ শৰীৰৰ সৈতে ৰাহি-যোৱা নিমিলা দুটাকৈ AC আছে৷ সমস্যাতো তাতে৷ AC চলালেই বেমাৰটোৱে আহি উক দিয়েহি৷ AC ৰ কৃত্ৰিম ঠাণ্ডা একেবাৰেই সহ্য কৰিব নোৱাৰোঁ৷ নাকটো ফুলি বৰ ভেকুলীটো হোৱাৰদৰে হয়৷ চাইনাছ আছে৷ দেৱ দা ব্যস্ত হৈ পৰিল কিতাপৰ ছেল্ফ ছাফা কৰাত৷ উপায়ন্তৰ হৈ এইবাৰ গ্ৰন্থালয়ৰ পৰা ক্লাছৰূমৰ দিশে খোজ দিলোঁ৷ ক্লাছত মই সোমোৱাৰ আগতেই কন্দৰ্প ছাৰ সোমালেই৷
আমি ক্লাছ কৰা বিল্ডিংটোৰ পাছফালেই কলেজৰ সীমা৷ তাৰ কাষতে এখন ডাঠ হাবি৷ কাউৰী এজাকৰ চিঞৰ-বাখৰে হাবিখনৰ নিৰৱতা ভাঙি পৰিৱেশটো অস্থিৰ কৰি তুলিছে৷ কলেজখনৰ আৱৰ্জনাবোৰো নি এই হাবিখনতে পেলোৱা হয়৷ শেহতীয়াকৈ চহৰাঞ্চলৰ আৱৰ্জনাবোৰ পেলাবলৈয়ো পৌৰনিগমৰ ৰুগ্ন ট্ৰাক, ডাম্পাৰবোৰ এইফাললৈকে আহিবলৈ লৈছে৷ দিনে দিনে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হোৱা হাবিখনৰ কাউৰীৰ মাত্ৰা বাঢ়ি আহিছে৷ ওচৰৰ চহৰখনতো কাউৰীৰ মাত্ৰাটো আগতকৈ বাঢ়িছে৷ গাঁওবোৰত অৱশ্যে কাউৰীবোৰ পাবলৈ নোহোৱা হ’ল৷ ক্লাছত কৃত্ৰিম হ’লেও শীতল বতাহ এছাটি ইতিমধ্যেই বৈ গৈছে৷ বিপৰীতে মোৰো নাকটোও ফুলিবলৈ আৰম্ভ কৰিছে৷ এই মুহূৰ্তত মোৰ বাদে বাকী আটাইবোৰেই ভাষাৰ বেৰসিক ক্লাছ যদিও শীতল বতাহৰ উম লৈ আনন্দমনে উপভোগ কৰিছে৷ প্ৰথম ক্লাছটো আৰম্ভ হওঁতেই দুই এটাৰ চকু টিপ টিপাই আছে৷ ৰাতিৰ ৰাতিটো ফোনত প্ৰেয়সীৰ সৈতে প্ৰেমালাপ আৰু এতিয়া কৃত্ৰিম বতাহৰ উমাল আলিঙ্গনে সিহঁতৰ চকুৰ পতা জাপ খুৱাই নিছে৷ ময়ো অসহ্যকৰ অৱস্থাটোৰ লগত নিজকে খাপ খুৱাই উপায়ন্তৰ হৈ বহি আছোঁ৷
ছাৰে বাক্যতত্ত্বৰ কথা বুজাইছে৷ ভাষাৰ ক্লাছ৷ ভাষাৰ তাত্ত্বিক কথাবোৰ পঢ়ি পঢ়ি আগলৈ কি কৰি খাম,তাকে ভাবিলে মূৰটো গৰম হৈ যায়৷ কৰিবলৈ মন যায় কিবা আৰু কেৱল এখন চাৰ্টিফিকেটৰ আশাত কৰি আছোঁ কিবা৷ মাজে মাজে ছাৰে বাক্যতত্ত্বৰ প্ৰকাৰ সম্পৰ্কে বৰ্ডত চিত্ৰ আঁকি বুজাইছে৷ ছাৰৰ আখৰবোৰ ইমান এটা ভাল নহয়– মই আজি ডাকঘৰলৈকো যাব লাগিব৷ প্ৰান্তিক আলোচনীলৈ লেখা পঠিয়াবলৈ আছে৷ প্ৰবিণ দাৰ বুক ষ্টলতো বাকীৰ পইচাকেইটা দিব লাগিব৷ কলেজৰ কাষতে থকা ATM টো ভাল হৈ আছে যদি পইচা কেইটামান উলিয়াই ধাৰটো মাৰিব লাগে৷ যোৱা সপ্তাহত হোমেন বৰগোহাঞিৰ ‘আত্মানুসন্ধান’ৰ শেষৰ কপি এটা দেখি বাকী কৰিয়েই লৈ আহিছিলোঁ৷ আজি ঘৰলৈয়ো সোনকালে যাব পাৰিলে ভাল আছিল, প্ৰজেক্ট পেপাৰখনৰ দুটামান অধ্যায় ডিটিপি কৰিবলৈ আছে৷ বিভাগত কমদিনৰ ভিতৰতে জমা দিব লাগিব৷ অহা সপ্তাহৰ পৰা চেচনেল! দুমাহৰ পাছতে ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা ৷ ৰ’বলৈ আজৰি নাই৷ কন্দৰ্প ছাৰ এইবাৰ চকীত বহি ল’লেহি৷
‘‘বাৰু তহঁতৰ কেইটাই এইবাৰ NET পৰীক্ষা দিবি?’’ – ছাৰে বাক্যতত্ত্বৰ কথা সামৰি পৰীক্ষাৰ প্ৰসংগ উলিয়ালে৷
‘‘আমাৰ কাৰোৰে মাতবোল নাই৷’’
‘‘ক’ আকৌ?’’
আমি যিমান পাৰোঁ মূৰ লুকুৱাবলৈ চেষ্টা কৰিলোঁ৷
‘‘তহঁতৰ নিজৰ ওপৰত আস্থা নাই নেকি? কোনে NET পাবি এইবাৰ? JRF কোনে পাবি?’’
আস্থা আৰু বিশ্বাসৰ কথা ক’লে ৰৈ থকাৰ প্ৰশ্নই নাহে৷ প্ৰাঞ্জল আৰু মই হাত দাঙি ক’লো যে – ‘‘আমি ভালকৈ পঢ়িবলৈ চেষ্টা কৰিম৷ ফলাফল কি হয় নাজানো৷ ’’
ছাৰে কথা কৈ থাকোঁতেও মুনমী আৰু বৰ্ষা কথা পতাতহে ব্যস্ত৷ ইহঁত ছোৱালীকেইজনীৰ মানে ক্লাছ কৰোঁতেও কথা নাপাতিলে নহয়নে! এতিয়া যদি হঠাৎ সিহঁতক কিবা এটা সোধে; হাতী-ঘোঁৰা কি সুধিছে একোকে ধৰিব নোৱাৰি লাজ পাব৷ ছাৰে এইবাৰ নিজে NET পৰীক্ষা দিবলৈ যোৱাৰ সময়ছোৱাৰ প্ৰসংগ উলিয়ালে...৷
মোৰ মনলৈ বেলেগ কথা এটাহে আহিল৷ সিদিনা জুৰি বৰা বৰগোহাঞিৰ ‘ভোক’ উপন্যাসখনৰ কথা লগৰ দুটামানে ক্লাছত আলোচনা কৰিছিল– কিবা ছেক্স আৰু যৌনতাৰ কথা এসোপামান আছে হেনো৷ সেই কিতাপখনৰ চৰ্চা ইহঁতকেইটাৰ মাজত সৰৱ হৈ পৰিছে৷ অৱশ্যে সেইখন যে হোমেন বৰগোহাঞিৰ ‘সুবালা’ উপন্যাসৰ সমপৰ্যায়ৰ নহয়, এইকেইদিন হোৱা আলোচনা সমালোচনাকেইটাৰ পৰাই বুজিব পাৰিছোঁ৷ পাৰিলে ময়ো কিতাপখন কিনি পঢ়িব লাগিব৷ ‘কেশৱ মহন্ত’ৰ গীতৰ সংকলন এখনো গ্ৰন্থালয়লৈ আহিছে, সেইখনো যেনেতেনে কিনি থ’ব লাগিব৷ কেতিয়াবা এনে লাগে যেন গোটেই গ্ৰন্থালয়খনেই কিনি নি ঘৰত থমগৈ৷ কিন্তু কি হ’ব; টকা নহ’লে সকলো মিছা৷ মানুহ অন্তত অকনমান হ’লেও ধনী হ’ব লাগে৷ কিতাপ কিনিবলৈকে৷ শিক্ষা আৰু জ্ঞান বহুতৰ বাবে এলাগী হ’লেও ইয়াকটো আৰু ফুটপাটত পৰি থকা অৱস্থাত এনেয়ে পোৱা নাযায়!
কন্দৰ্প ছাৰে আজি অ’ৰ এটা ত’ৰ এটা কথা সংযোগ কৰি ক্লাছটো শেষ কৰিবলৈ যত্ন কৰিছে৷ আচলতে ভাষাৰ এঘন্টাৰ ক্লাছ এটা সম্পূৰ্ণকৈ কৰিলে আমাৰ মগজুত কিবা সোমাওক চাৰি একো নোসোমাইহে৷ সেয়েহে ছাৰে পাৰ্যমানে আনুসংগিক বিষয়ৰ পাতনিৰে ভাষাৰ ক্লাছবোৰ কৰিবলৈ চেষ্টা কৰে৷ বেল মাৰিলে ইতিমধ্যে৷ ছাৰো যেন বেলৰ শব্দটো শুনালৈকেহে ৰৈ আছিল৷ প্ৰথমটো ক্লাছ শেষ হ’ল৷ কোনেও নেদেখাকৈ মই মনে মনে AC দুটা অফ কৰি আহিলোঁগৈ৷
বাৰটা বাজিল৷ এতিয়া আধা ঘন্টা আছে, তাৰ পিছত আকৌ দুটা ক্লাছ৷
বাহিৰলৈ আহিয়েই নাকৰ ফুটা দুটা বহল কৰি দুই তিনিবাৰমান দীঘলকৈ উশাহ ল’লো৷
ইতিমধ্যেই ভবা ধৰণেই নাকৰ পাহি বন্ধ হৈ গৈছিল৷
ডিপাৰ্টমেন্ট ক’ৰিডৰটোৰ পৰা কলেজৰ পশ্চিমফালে শাৰী শাৰীকৈ থকা দেৱদাৰুৰ শাৰীবোৰ ভালকৈয়ে দেখা যায়৷ অসমীয়া বিভাগৰ কাষতে লাগি থকা কাঞ্চনজোপাৰ ফুলবোৰ এই সময়ত বৰ ধুনীয়াকৈ ফুলিছে৷ ঘৰচিৰিকা চৰাইকেইটাই কাঞ্চনজোপাৰ ডালত পৰি পুনৰ প্ৰিন্সিপালৰ অফিচৰ ফুলনিখনলৈ দৌৰা-দৌৰি কৰি ফুৰা দেখিছোঁ৷ সিহঁতৰ কিচিৰ মিচিৰ শব্দবোৰ মই ৰৈ লৈ উপভোগ কৰি আছোঁ৷ গ্ৰন্থালয়ৰ ওচৰৰ দেৱদাৰুৰ তলত মোৰ লগৰকেইটা আড্ডাত ব্যস্ত৷ এইবাৰ সিহঁতৰ ওচৰলৈ গ’লো৷ আড্ডাৰ বিষয় মানে কোনজনী ছোৱালীৰ বুকুৰ মঙহ বেছি, কাৰ কঁকালৰ পৰা তলৰ অংশটো খামুচীয়া, নেৰ’ লংপেন্টবোৰে কোনজনী ছোৱালীৰ কলাফুলত লিপিট খাই ধৰিছে, কোনে এই গৰমত কেই মিনিট পাৰিব ধৰণৰ৷ সিহঁতৰ আড্ডাত সোমোৱাই ল’বলৈ প্ৰদীপে মোক উদ্দেশ্যি আৰম্ভ কৰিলেই...
‘‘তই কেইমিনিট পাৰিবি; বেছি হ’লে পাঁচ মিনিট?’’– লগে লগে বাকীবোৰৰ ব্যঙ্গাত্মক হাঁহি৷
‘‘এইটো গেলা গৰমত পাঁচ মিনিট কম সময় নহয় দে৷’’– মোৰ উত্তৰ শুনি লগে লগে গিৰ্জনি মাৰি আকৌ হাঁহি৷ আজি তাৰমানে ইহঁতৰ আড্ডা বেছ জমিছে৷ আমাৰ কাষেৰে ছোৱালী কেইজনীমান পাৰ হৈ গ’ল৷ আটাইকেইটাৰ চকু সিহঁতৰ বুকু, ওঁঠ, মুখ ইত্যাদি বিভিন্ন অংগলৈ ভিন ভিন দৃষ্টিৰে গ’ল৷ সিহঁতে আমালৈ এবাৰো নাচালে, কিন্তু আমাৰ চকুৰ চাৱনিৰ অৰ্থ যে সিহঁতে বাৰুকৈয়ে বুজি গৈছিল; সেয়া সিহঁতৰ মুখমণ্ডল দেখিয়েই বুজিব পাৰিলোঁ৷
‘‘এইটো গৰমত ছোৱালীবিলাকে কেনেকৈ ইমান আবুৰত কাপোৰ পিন্ধি থাকিব পাৰে৷ চাচোন সেই ছোৱালীজনীলৈ, কাষলতিৰ তল তিতি গৈছে৷’’– বিতুপনে ফুছ্ফুছাই কৈছে৷
‘‘তোৰ সেইদুটা চকু নে অনুবীক্ষণ?’’– বিতুপনক লক্ষ্য কৰি প্ৰকাশৰ মন্তব্য৷ মই তাৰ কথাত সংযোগ কৰিলোঁ– ‘‘প্ৰায় কাপোৰ নিপিন্ধা অৱস্থাত সিহঁতক চাবলৈ মন আছে যদি সন্ধিয়া পৰত কলেজ চাৰিআলিলৈ যাবি৷ চকুৰ মোক্ষ প্ৰাপ্তি হ’ব তহঁতৰ৷’’– আকৌ এটা সমূহীয়া হাঁহি৷
‘‘ঐ, তাইৰ বুকুখনো চাগৈ ঘামত ভিজি আছে৷ মই অহা জনমত ঘাম হৈয়ে জন্ম ল’ম, ইচ্চা অনুসৰি নাৰীৰ দেহৰ সুঘ্ৰাণ লৈ ফুৰিব পাৰিম৷’’– এইবাৰ প্ৰাঞ্জলে কাব্যিকতাৰে মাত লগালে৷
ৰূপমে ব্যঙ্গ কৰি ক’লে– ‘‘পিছেগেলা গৰমত ঘামবোৰৰ পৰা দুৰ্গন্ধহে ওলাব৷ তই বডি স্প্ৰে এটা লগত লৈ ল’বি৷’’
প্ৰাঞ্জল– ‘‘ঘামৰ গোন্ধ সহিব পৰাটোও এটা ভাল গুণ৷ তই নুবুজিবি৷ আমাৰ বিশ্বজিতে এইবোৰ ভালকৈয়ে জানে৷ তাৰ পৰা শিকিব পাৰ৷’’ লগে লগে প্ৰাঞ্জলৰ গালত বিশ্বৰ এটা চৰ পৰিল৷
পৰেশ– ‘‘মূৰ্খ, এতিয়া ভালকৈ পঢ়ি চাকৰি এটা যোগাৰ কৰি ল’৷ পাছত তোৰ ইচ্ছামতে পচন্দৰ ছোৱালী বিচাৰি আনিব পাৰিবি৷ চাকৰি নহ’লে তোৰ প্ৰেয়সীয়েও ৰাজহাড়ৰ মজ্জা শুহি শুহি এসময়ত এৰি গুছি যাব৷’’
প্ৰাঞ্জল– ‘‘পঢ়িছোঁতো৷ তাইক পাবলৈ দিন-ৰাতি কষ্ট কৰি পঢ়িছোঁ৷ তাই বেটিয়েহে মোৰ মূল বুজা নাই৷’’
দিপাঙ্কৰ– ‘‘লাগি থাক৷ তাই এদিন তোক উত্তৰ দিবই দিব৷’’
বিতুপন– ‘‘এতিয়া কন্দৰ্প ছাৰৰ ক্লাছত NET পাছ কৰিম বুলিও তই হাত দাঙি আহিছ৷ পঢ় পঢ়৷ পাৰিবি৷’’
বিশ্বজিৎ– ‘‘চাকৰি এটা গোটাই ল’৷ তাৰ পিছত তাইক প্ৰপজ দি চা৷ এক্সেপ্ট কৰিবই৷’’
বিতুপন, ৰূপম, বাস্তৱ, প্ৰাঞ্জল– ইহঁত চাৰিওটা হোষ্টেলত থাকে৷ দিনে নিশাই ইহঁতৰ এইবোৰ আলোচনা চলিয়েই থাকে৷ আলোচনাৰ বিষয়বস্তুত বলিউদ, হলিউদৰ চিনেমাৰ যৌনতা আৰু নগ্নতাৰ পৰা আৰম্ভ কৰি অসমীয়া চিনেমাত চুমা এটাও খাব নোৱাৰা জটিল পৰিস্থিতিলৈকে সামৰি লোৱা হয়৷ ভূপেন হাজৰিকাৰ গীতত যৌন মনস্তত্বৰ পৰা আৰম্ভ কৰি পাশ্চাত্যৰ লিভিং টুগেদাৰলৈকে, ব্লুমফিল্ডৰ ভাষা অধ্যয়নৰ পৰা আৰম্ভ কৰি দেৱকান্ত সন্দিকৈৰ যুক্তিবাদী লেখালৈকে, নীলিম কুমাৰৰ যৌনগন্ধি কবিতাৰ পৰা কংগ্ৰেছ-বিজেপিৰ ৰাজনৈতিক বিতৰ্কলৈকে; এইবোৰ আলোচনাই সিহঁতৰ হোষ্টেলৰ দিন-ৰাতি গৰম কৰি ৰাখে৷ সিহঁত অৱশ্যে পঢ়াতো বেয়া নহয়, হোষ্টেলৰ পৰিৱেশ এনেকুৱাই, ভালৰো যিমান আলোচনা, বেয়াৰো সমান৷ কেতিয়াবা ময়ো সিহঁতৰ কথাৰ লগত মাজে মাজে সংযোগ কৰোগৈ, আড্ডা বেছ জমে তেতিয়া৷
‘‘ঐ, ছাৰ আহিছে মনে মনে থাক৷’’ কথাপাতি থাকোঁতেই দেৱানন্দ ছাৰ কাষেৰেই পাৰ হৈ গ’ল৷ ‘‘আমাৰ কথাবোৰ শুনা নাইনে ঐ’’– আমাৰ কিবা কথা শুনিলে বুলি সন্দেহ হ’ল ৷
‘‘নাই শুনা৷ শুনিলেই যেনিবা, আমিতো মিছা কথা পতা নাই৷ এইটো বয়সত তাকে নকৰি ভাগৱতৰ সাৰগৰ্ভ কথা পাতিম নেকি? মহাভাৰতৰ কৃষ্ণতকৈ আমি অন্তত বহুগুণে ভাল৷ দেখা নাই, হোষ্টেলত মদ, ভাঙ খোৱাকেইটাহে পৰৱৰ্তী সময়ত সাহিত্যিক, লেখক হয়গৈ’’ – ৰূপমৰ স্পষ্ট কথা৷
‘‘তথাপিও তোৰ-মোৰ এই বলিয়ামী আলোচনাবোৰ ছাৰক শুনাই মৰাত নাই দে, শুনিলে পিঠি ফালিব৷’’– মই ৰূপমক উদ্দেশ্য কৰি ক’লো৷
আলোচনা চলি থাকিল৷ মই কেন্টিনৰ ফালে গ’লো৷ আজি কিছুমান ডিপাৰ্টমেন্টত সময়মতে ক্লাছবোৰ হোৱা নাই ৷ গছৰ তলত ল’ৰা-ছোৱালীবোৰৰ জুম৷ কেন্টিনৰ আগফালে কৃষ্ণচূড়াজোপা ফুলিছে৷ সন্মুখৰ ৰাস্তাটোত নতুনকৈ ৰোৱা দেৱদাৰু কেইজোপাৰ কুঁহিপাত ওলাইছে৷
মই ‘সখিয়তী’লৈ গ’লো৷ চাহ খাবলৈ৷ পিছে চাহ খোৱা নহ’ল৷ বহিবলৈ চকী এখনো খালী নাই৷
আজি-কালি কেন্টিনত খোৱা-বোৱাতকৈ প্ৰেমিক-প্ৰেমিকাৰ আড্ডাহে বেছি চলে৷
মাৰ্জিত আৰু নিৰাপদ স্থানত প্ৰেম কৰিবলৈ কলেজৰ কেন্টিন উপযুক্ত ঠাই৷
কেন্টিনত প্ৰেম কৰি কৰিয়েই বহুতো বাঘা বাঘা কবি, গায়কৰ সৃষ্টি হৈছে৷
হঠাৎ পকেটটো ভ্ৰাইব্ৰেশ্বন হোৱা যেন লাগিল৷ মাৰ ফোন– ‘‘তোৰ ক্লাছ হৈছেনে? আৰু কেইটালৈকে আছে?’’
‘‘কি হ’ল ক’চোন, আৰু দুটা ক্লাছ আছেই৷ এতিয়া ব্ৰেক দিছে৷’’
‘‘মূৰৰ বিষত থাকিব নোৱাৰা হৈছোঁ৷ স্কুলতে বহি আছোঁ৷ তই পাৰিলে এইফালেদিয়ে আহচোন৷ মোক ঘৰলৈ লৈ যাহি৷ আজি ইমান গৰম৷ ল’ৰা-ছোৱালীবোৰেও ক্লাছ কৰিব নোৱাৰিলে৷ ছুটী দি দিলোঁ৷’’– কথাকেইটা কওঁতে মায়ে কষ্ট অনুভৱ কৰা যেন লাগিল৷
‘‘হ’ব তই তাতেই ৰৈ থাক৷ ওচৰৰ মানুহ এঘৰত বহিদেগৈচোন৷ মই গৈ আছোঁ৷ শুনিছনে বোলো... মই গৈ আছোঁ৷’’ – মোৰ আৰু ক্লাছ কৰা নহ’ল৷ ক্লাছৰূমৰ পৰা বেগটো লৈ বাইক ষ্টেণ্ড পালোগৈ৷ বাইক ষ্টেণ্ডতো জোৰ পাতি পাতি এজাক ল’ৰা-ছোৱালী প্ৰেমালাপত ব্যস্ত ৷
কলেজত আজিকালি কোনেও কালৈকো সমীহ নকৰা হ’ল৷ চব খোল্লাম খোল্লা প্যাৰ...৷
আধাঘন্টাও নালাগিল মাৰ স্কুল পাবলৈ৷ দুয়োটা আহি ঘৰ পালোহি৷
‘‘তই ইয়াতে অলপ বহ৷ মই ভাত কেইটামান দি দিওঁ কুকাৰটোত৷’’– গেলা গৰমকো সহ্য কৰি কুকাৰটোত চাউল এপোৱামান সিজালোঁ৷ ভাত কেইটা খাই দুয়োটা বিছনাতে বাগৰ দিলোঁ৷ ষ্টেণ্ড ফেনখন তীব্ৰগতিত চলিবলৈ ধৰিলে, ৰূমটোৰ স্থিৰ বতাহবোৰ ক্ষণিকতে অশান্ত হৈ পৰিল৷ ঘৰৰ মূধচত শালিকী চৰাইৰ মাত শুনি শুনি চকুলৈ টোপনি অনাৰ যুদ্ধ কৰিলোঁ৷
গধূলি হ’বৰ হৈছে৷ সাৰ পাই উঠি আহিছোঁ বাৰাণ্ডালৈ ৷ বতৰটো গোমা৷ দিনৰ দিনটো গেলা গৰম দি এতিয়া সম্ভৱ বৰষুণ দিব৷ আকাশখন তেনেই অভিমানী প্ৰেমিকাৰ গোমোঠা মুখৰদৰে উফন্দি উঠিছে৷ প্ৰেমিকক দিনৰ দিনটো খং, অভিমান কৰি কৰি সন্ধিয়া পৰলৈ বুকুত সাৱতি লোৱা ধৰণৰ হ’ল কথাটো৷ দিনৰ দিনটো গৰমত জ্বলা-কলা খুৱাই এতিয়া সম্ভৱ ভালকৈ এজাউৰি দিব৷
পাছফালৰ চোতালৰপৰা মাৰ চিঞৰ– ‘‘পুখুৰীৰ পাৰৰ জাহাজী কল থোক ভাগি পৰিল৷ কাটি আনহি৷ ৰাতিলৈ বৰষুণ দিব পাৰে৷’’
দা খন লৈ বাৰী পালোগৈ৷ কলগছজোপাৰ মাজ অংশ পচি যোৱাৰ বাবে গছজোপা ভাগি পৰিছে৷ কলথোক মাটিত পৰি আছে৷ কেচুবোৰে কলগছজোপাৰ ভগা অংশত লিক্লিকাই আছে৷ ওপৰৰ কল আশীত কুমজেলেকুৱা দুটামানো লাগি আছে৷ এইথোক বিক্ৰী কৰিলে ২০০ টকামান পাম চাগৈ৷ বেপাৰীটোক খবৰ দিব লাগিব৷
থোকটোৰ ভিতৰত জাবৰৰ দ’ম এটা দেখিছোঁ৷ পকা বাঁহপাত, খেৰ, কাগজৰ টুকুৰা, সৰু সৰু প্লাষ্টিকৰ টুকুৰা এসোপামান কলথোকৰ মাজত ঠাহ খায় আছে৷ আমৰলি পৰুৱাবোৰেও কলথোক বেৰি ধৰিছে৷ সাপ সোমাই থাকিব পাৰে বুলি দাখনৰ আগটো সোমোৱাই লৰাই দিলো, সাপনোলাল৷ এইবাৰ সৰু বাঁহৰ টুকুৰা এটা লৈ জাবৰবোৰ খুচি খুচি বাহিৰলৈ উলিয়াই দিলো, চৰাই পোৱালী তিনিটামানহে থপক্ থপক্কৈ মাটিত সৰি পৰিল৷
তাৰ মানে বাঁহটো চৰাইৰ বাঁহ আছিল!
ওপৰৰ কল দুআশী কাটি জাবৰবোৰৰ সৈতে বাঁহটো আলফুলে উলিয়াই আনিলোঁ৷ বাঁহটোৰ ওপৰ অংশ ইতিমধ্যে ভাঙি গ’ল, কণী দুটাও বাঁহত আছে৷ সৰি পৰা পোৱালীকেইটা উঠাই বাঁহটোৰ কি ব্যৱস্থা কৰিব পাৰোঁ ভাবিলোঁ৷ পোৱালী কেইটাৰ পাখি গজাই নাই৷ কাষৰ কলগছজোপাতে সিহঁতক বাঁহ এটা সাজি দিয়াৰ কথা ভাবিলোঁ৷ মনলৈ অসংখ্য ভাৱ আহিল, এবাৰ ভাবিলো গছজোপা ভাগোতে নি(য় মাক লগত নাছিল৷ নহ’লেনো মাকে ইহঁতক এৰি আঁতৰি যাবনে! কোন মাকে সন্তানক বিপদত এৰি দি কুশলে আঁতৰি যাব পাৰে! মানুহ গ’লেও অন্ততঃ চৰাই-চিৰিকটি, জীৱ-জন্তুবোৰ নাযায়, সিহঁত এতিয়াও ইমান নিষ্ঠুৰ হ’বলৈ শিকা নাই৷ মাক ঘূৰি আহি যদি পোৱালীকেইটানেদেখে! নাই নাই, ময়ে কিবা এটা কৰিব লাগিব৷ মোবাইলটোত সিহঁতৰ দুকপিমান ফটো তুলিলোঁ৷ ফেচবুকত দিব পৰা হ’ব৷ ভগা বাঁহটোৰ সৈতে পোৱালীকেইটা ঘৰলৈ আনি পাচি এটাত গছৰ পাত, খেৰ দি কাষৰ কলগছজোপাত পুনৰ উঠাই থৈ আহিলোঁগৈ; যাতে মাক আহিলে সিহঁতক সহজতে দেখা পায়৷
সিহঁতৰ কাষলৈ মাক অহা দৃশ্যটো চাবলৈ উদ্বাওল হৈ পৰিলোঁ৷ মাক আহি বাৰু সিহঁতক এনে অৱস্থাত পালে কম ভাল পাবনে? হয়তো আচৰিত হ’ব; কৃতজ্ঞতাত মূৰ দো খায় যাব৷ চৰাইবোৰে কৃতজ্ঞতা জনাব পাৰিব জানো! অসংখ্য ভাৱনাই মনটো দোলা দি থাকিল৷ এইবাৰ ফেচবুক খুলিলোঁ৷ গোটেই ঘটনাটো ফেচবুকত লিখিলোঁ৷ ফটেৈ দুকপিও আপলোড কৰিলোঁ৷ লগে লগে এটা দুটাকৈ লাইক, কমেন্ট আহিবলৈ ধৰিলে–
ৰমেন– ‘‘ভাল কৰিছা বন্ধু৷ সিহঁতৰ যত্ন লোৱা৷’’
চাইফুল– ‘‘Tumi Rati pohora di thakiba.’’
নিলয় পৱন–‘‘পোৱালীকেইটা বৰষুণত তিতিবি নিদিবি য়াৰ৷’’
মোৰ বন্ধুৰ তালিকাৰ বহুকেইজনে পোৱালীকেইটাক যত্ন লোৱা বাবে প্ৰশংসাও কৰিছে৷ দুই এজনে পোৱালীকেইটাক নজৰ দি থাকিবলৈ ক’লে৷ কোনোবা এজনে পোৱালী কেইটাৰ ফটো চাই শৰালী চৰাইৰ পোৱালী বুলি মন্তব্য দিলে, কেইজনমানে মাক আহিবনে নাহে প্ৰশ্ন কৰি তাৰ উত্তৰৰ বাবে আশাৰে ৰৈ থকা বুলি জনালে৷ বতৰটো গোমা হৈয়ে আছে; বৰষুণ পৰিলে বাৰু পোৱালীকেইটাৰ কি কৰিম; তাৰ চিন্তাও মনলৈ আহিল৷ কণমানি পোৱালী কেইটাৰ বাৰু ভোক লগা নাইনে! ইমান দেৰিলৈকে কিয় মাক আহি পোৱাহি নাই৷ বৰষুণ দিলে যেনিবা পাচিটো ঘৰলৈকে লৈ আহিম, বাৰাণ্ডাৰ কাষতে আৰি থৈ দিব পৰা যাব৷ কিন্তু মাক আহি বিচাৰি পাব কেনেকৈ? মাকে আহি সিহঁতক নেদেখিলে বাৰু কম কষ্ট পাবনে?
সন্তান হেৰুৱাৰ দুখ মাকেহে বুজে৷
পোৱালী কেইটাই বা মাকৰ অবিহনে থাকিব কেনেকৈ?
আকাশখনো ক্ৰমান্বয়ে ক’লা হৈ আহিছে, ৰিব্ ৰিব্ কৈ বতাহ বলিবলৈয়ো আৰম্ভ কৰিছে, এনেদৰে থাকিলে ৰাতিলৈ বৰষুণৰ লগতে ধুমুহাও আহিব পাৰে৷ কথাবোৰ চিন্তা কৰি কৰি ফেচবুকৰ কমেন্ট, লাইক চাই আছোঁ ৷
‘‘তই পোৱালীকেইটাক ভালদৰে যত্ন লৈ থাক৷ ৰাতি বৰষুণ হ’ব পাৰে চাবি৷’’ – মোৰ লগৰ প্ৰাঞ্জলে এইবাৰ মেছেঞ্জাৰত মেচেজ কৰিছে৷ সম্ভৱ সি ফেচবুকত মোৰ প’ষ্টটো দেখিছে৷
‘লৈছোঁ লৈছোঁ৷ তই ক’ত আছ?’ – মই সুধিলোঁ৷
‘মই আৰু বিতুপন এফালে যাব ওলাইছোঁ৷ ডিটিপি কৰা দোকান বিচাৰি৷ প্ৰজেক্ট পেপাৰখন ডিটিপি কৰিব লাগে৷ তইটো একেষাৰতে ডিটিপি কৰি দিব নোৱাৰো বুলিয়েই ক’লি৷ ঐ আকৌ শেষবাৰৰ বাবে সুধিছোঁ, প্লিজ, মোৰ পেপাৰখন ডিটিপি কৰি দিব পাৰিবি নেকি?’’
‘‘মোৰ সময় নহ’বগৈ৷ তই বেলেগ কোনোবা দোকানত দে৷ মোৰ নিজৰেই বহুতো ডিটিপি কৰিবলৈ আছে৷’’ – পৰীক্ষালৈ কেইটামান দিন থকাৰ বাবে সিহঁতৰ ডিটিপি কৰি দিয়াৰ ৰিস্ক ল’ব নুখুজিলোঁ৷ মেছেঞ্জাৰ অফ কৰিলোঁ৷ নহ’লে তাৰ পেপাৰখন ডিটিপি কৰিবলৈ সি মোক বৰকৈ পেৰিব৷ আমাৰ ইয়াত ইংৰাজীৰ ডিটিপি কৰা দোকান ধেই যদিও শুদ্ধকৈ অসমীয়াত ডিটিপি কৰা মানুহৰ সংখ্যা তেনেই কম৷ সেয়েহে পৰীক্ষাৰ সময়ত বিশেষকৈ প্ৰজেক্ট, চেমিনাৰৰ সময়ত আমাৰ ডিপাৰ্টমেন্টৰ ল’ৰা-ছোৱালীখিনিৰ যথেষ্ট অসুবিধা হয়৷
সন্ধিয়া হৈ আহিছে৷ ফেচবুকৰ আপডেটবোৰ বাঢ়ি আহিল৷ আজিকালি কিছুমানৰ ফেচবুকৰ ষ্টেটাচ বুলিবলৈ শাক-খোৱা, ভাত খোৱাৰ ফটোৰ আপ্লোড কৰাৰ মাত্ৰাই বেছি৷ মোৰ বন্ধু তালিকাত থকা কেইগৰাকীমান সাহিত্যিকেও অন্তত লেটেষ্ট মডেলৰ ফটোকেইখনমান আপলোড নিদিলে যেন দিনটোত শান্তি নাপাবই!
ৰতন কাইটিয়ে নামঘৰত দবা বজালেগৈ৷ ভিতৰৰ গোসাই ঘৰত মাৰ কাকুটি ঘোষাৰ শব্দও ভাহি আহিল৷
মোৰ চিন্তা বাঢ়ি আহিছে; পোৱালী কেইটাৰ মাক এতিয়ালৈকে কিয় পোৱাহি নাই! দুই এবাৰ পাচিটো নমাই চাইছোঁগৈ; পোৱালীকেইটা ঠিকেই আছে৷ এবাৰ দেখিলোঁ পাচিটোত পৰুৱা উঠিছেহি৷ পৰুৱাবোৰে পোৱালীকেইটাৰ গাৰ ওপৰত পিয়াপি দি ফুৰিছে, পাচিটো লৰাই দি সৰি নপৰাকৈ গছজোপাৰ সৈতে বান্ধি দিলো৷ আন্ধাৰ হোৱাৰ আগতে এতিয়া মাক আহি সিহঁতৰ ব্যৱস্থা এটা কৰিলেই হ’ল৷ মোবাইলটো চাৰ্জ দি থওঁগৈ বুলি ভিতৰলৈ আহিলোঁ৷ ৰাতি বতৰ বেয়া হ’লে কাৰেন্ট কিমান দিনলৈ নাহে তাৰ হিচাপ নাই৷
‘বাবু, চৰাইজনী আহিল৷’– দহমিনিটমানৰ পাছতে পাছফালৰ চোতালৰ পৰা মাৰ চিঞৰ ৷
মায়ে সম্ভৱ মোৰ কামবোৰ লক্ষ্য কৰি আছিল৷ দৌৰি গৈ পাছফালৰ বাৰী পালোগৈ৷
চৰাই এজনী পাচিটোৰ কাষে বাৰে উৰি ফুৰিছে, চৰাইজনীৰ মাতৰ কাতৰতা শুনিয়েই নিশ্চিত হ’লো, তায়েই মাক৷ লাহে লাহে মাকে পাচিটোৰ ওপৰত এবাৰ বহিছেহি, এবাৰ উৰি গৈ কাষৰ আমগছজোপাৰ পৰা চি-চিঞাইছে, আকৌ উৰি আহি পাচিটোৰ ওপৰত পৰিছেহি৷ মাক আহিল যেতিয়া, এতিয়া আৰু চিন্তা নাই৷ মাত্ৰ বৰষুণ দিলে ৰাতিটোৰ বাবে পাচিটো বাৰাণ্ডালৈ আনি থোৱাৰ সিদ্ধান্ত ল’লো৷ ইতিমধ্যেই আন্ধাৰ হৈ আহিছে৷ মোৰ পূৰ্বৰ পোষ্টটোত কমেন্ট কৰিলো– ‘মাকজনী অৱশেষত আহিল’ বুলি৷ বহুতে মোক এইধৰণে চৰাইকেইটাৰ শুশ্ৰূষা কৰাৰ বাবে সলাগ ল’লে৷ ময়ো ভাল কাম এটা কৰিলোঁ বুলি মনতে শান্তি পালোঁ৷ বতৰটো একেদৰেই আছে৷ দেখা যাওঁক ৰাতিলৈ কি হয়৷
ফোনটো ভ্ৰাইব্ৰেশ্বনত কঁপি উঠিল৷ আমাৰ লগৰ বৰ্ষাৰ নম্বৰ৷
‘‘ডাৰ্লিং কোৱা৷’’ তাইক মই ফোনত এইবুলিয়েই সম্বোধন কৰোঁ৷
‘‘ঐ, মাত আকৌ’’
.....................................
বৰ্ষাই মোক কিবা কোৱাৰ সলনি দেখোন কান্দিছেহে!
‘‘ঐ তোৰ কি হ’ল কান্দিছ যে; হ’ল কি?’’
বৰ্ষাই একো নকয়, কেৱল কান্দিছে৷
‘‘কথাটো কবিনে? তোৰ হৈছে কি?’’– এইবাৰ খঙত ক’লো৷
‘‘আমাৰ লগৰ বিতুপন আৰু প্ৰাঞ্জল নাই৷’’
‘‘নাই মানে? ক’লৈ গ’ল?
‘‘এক্সিডেন্ট হ’ল এইমাত্ৰ৷’’
‘‘তাৰপাছত?’’
‘‘সকলো শেষ’’
তাই এইবাৰ ৰাউচি লৈ লৈ কান্দিছে৷ ভৰিৰ পৰা মূৰলৈকে গাঁটো গৰম হৈ আহিল মোৰ৷
‘‘কেনেকৈ কি হ’ল? তই এতিয়া ক’ত আছ?’’
‘‘বাইপাছত গাড়ী এখনে এইমাত্ৰ খুন্দিয়াই থৈ গ’ল৷ – বৰ্ষাই দুগুণে চিঞৰি চিঞৰি কান্দিছে৷
‘তই ক’ত আছ এতিয়া? প্ৰাঞ্জলে মাত্ৰ এঘন্টামান আগত মোলৈ মেছেছ কৰিছিলহে; বাৰু, মই গৈ আছো সিহঁতৰ হোষ্টেল৷ তই ক’ত আছ? তয়ো হোষ্টেল ব’ল৷’ – যেনেকে আছিলো তেনেকৈয়ে বাইক উলিয়াই সিহঁতৰ হোষ্টেল অভিমুখে বাইক এৰিলোঁ৷ মাক চিঞৰি কৈ থৈ গৈছোঁ মাত্ৰ ‘লগৰ দুটাৰ এক্সিডেন্ট হ’ল, মৰিল, মই টাউনলৈ যাওঁ৷’– মায়ে কি ক’লে শুনিবলৈ সময় নহ’ল৷
এই বৰ্ষাজনীকে প্ৰাঞ্জলে মনে মনে ভাল পাইছিল, বৰ্ষাই কথাটো জানিছিল৷ কিন্তু প্ৰাঞ্জলে তাইক কথাটো ক’বলৈ ইমানদিনে সাহস কৰা নাছিল৷ এতিয়া সেই বৰ্ষাই প্ৰাঞ্জলৰ মৃত্যুৰ খবৰ দিছে! প্ৰাঞ্জলে নি(য় ডিটিপি কৰিবলৈ মানুহ বিচাৰি গৈছিল৷ কেনেকৈ হ’বলৈ পালে বাৰু এক্সিডেন্টটো! মই গৈ থাকোঁতেই বাটতে বৰষুণ আৰম্ভ হ’ল৷ হেলমেটটো পিন্ধিবলৈয়ো সময় নহ’ল৷ আধা বাট পাওঁতে পকেটত হাত দি চালো, মোবাইলটোও লগত নাই৷ হোষ্টেল পোৱালৈ জুৰুলি-জুপুৰিকৈ তিতিলোঁ৷ হোষ্টেলৰ চৌহদটোত মানুহৰ বিৰাট সমাগম৷ কান্দোন, চিঞৰ-বাখৰৰ শব্দই গোটেই অঞ্চলটোতে এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে৷ একেখন গাঁৱৰে দুটা গজগজীয়া ল’ৰাৰ মৃত্যু হৈছে৷
হাস্পতালৰ পৰা বডি আহি হোষ্টেল পাইছেহি৷ কি মৰ্মান্তিক দিশ্য৷ পুলিচৰ গাড়ীখনৰ পৰা দুয়োটাকে উলিয়াই আনি হোষ্টেলৰ বাৰাণ্ডাতে ৰখা হ’ল৷ পলিথিনে বডি দুটা মেৰিয়াই থোৱা আছে৷ কান্দোনৰ শব্দ পুনৰ বাঢ়ি আহিল৷ দুয়োটাৰে মাক, বাপেক, বায়েকহঁতে চোতালত বাগৰি বাগৰি কান্দিছে৷ হোষ্টেলৰ চোতালত চিনাকী-অচিনাকী মানুহেৰে ভৰি পৰিছে৷ বৰষুণত সকলোৰে তিতি বুৰি অৱস্থা নাই৷ মাক-বায়েকহঁত চোতালৰ বোকাত লুতুৰি পুতুৰি হৈ পৰিছে ৷ এটা দুটাকৈ আমাৰ লগৰবোৰো গোট খালেহি৷ সকলোৰে চকুৰ মণিবোৰ ঘোলা দিমৰ হালধীয়াখিনিৰ দৰে হৈ পৰিছে৷
‘‘ঐ বৰ্ষাৰ খবৰ পাৱনে? তাই কথাটো গ’ম পালেনে?’’ – বাস্তৱ আহিল মোৰ ওচৰলৈ৷
‘‘মোলৈ বৰ্ষাই ফোন কৰিছিল৷ তাইয়ে খবৰটো দিছে৷’’ – মই লাহেকৈ ক’লো৷
‘‘তাইক আজি প্ৰাঞ্জলে প্ৰপজ কৰা কথা আছিল৷ অথনি কলেজত তই যোৱাৰ পিছতে সি আমাক কথাটো কৈছিল’’– এইবাৰ মই আৰু আচৰিত হোৱাৰ পাল৷
‘‘ঘটনাটো কেনেকৈ হ’ল, কচোন৷’’– তেতিয়ালৈকে মই সিহঁতৰ বডি দুটাৰ ওচৰলৈ যাবলৈ সাহস গোটাব পৰা নাই৷ মিডিয়াৰ গাড়ী আহি ইতিমধ্যে হোষ্টেল পালেহি৷
‘‘সন্ধিয়া সময়ত মালিকৰ পিতেকৰ বাইক লৈ সিহঁত দুটা টাউনলৈ গৈছিল৷ ডি.টি.পি কৰা দোকান বিচাৰি গৈছিল বোলে৷ প্ৰজেক্ট পেপাৰ ডি.টি.পি কৰিবলৈ৷ অসমীয়া ডিটিপি কৰা দুকান আমাৰ ইয়াত [অবাইচ] সহজতে পালেহে ক্লা; ৰূমলৈ মাংস লৈ অহাৰ কথাও কৈছিল, কৰিমে ভাত আৰু দালি বনাই থৈ দিছে, সিহঁতে মাংস আনি পাৰ্টী কৰিব আৰু বৰ্ষাক প্ৰাঞ্জলে তেতিয়াই প্ৰপজ কৰিব বোলে৷ হঠাৎ ৰূপমলৈ কোনোবাই কল কৰিছে ইহঁতক ট্ৰাক এখনে পাছফালৰ পৰা খুন্দিয়াই পেলাই থৈ গৈছে,স্পট ডেদ হ’ল দুয়োটা৷ হাত, ভৰি, মূৰ ভাঙি অৱস্থা নাই৷ মাক বাপেকে প্ৰথম মৰা বুলি গ’ম পোৱা নাছিল৷ সেয়েহে সৰু এক্সিডেন্ট বুলি খবৰ দি ইহঁতে হোষ্টেললৈকে মাতি দিলে৷’
মই মানুহটো ঠৰ--ঠৰ্কৈ কপিবলৈ আৰম্ভ কৰিছোঁ৷ সিহঁতৰ ডিটিপি কৰিবলৈ মানুহ বিচাৰি গৈ এক্সিডেন্ট হ’ল! ডিটিপি কৰি দিবলৈকে সি সন্ধিয়া সময়ত মোলৈ মেছেছ কৰিছিল! মই যদি তাক কৰি দিম বুলি কথা দিলোহেঁতেন, এতিয়া অন্ততঃ! হে ভগৱান! মই কি কৰোঁ!
‘‘ঐ, তই ইমানকৈ কপিছ! বহি দেচোন এইখিনিতে’’ – বাস্তৱৰ কথাত মই নিজেক সংযত কৰিলোঁ৷ ক’লো– ‘‘ব’লছোন এবাৰ সিহঁতক ওচৰৰ পৰা চাই আহো৷’’ বডিদুটাৰ ওচৰলৈ গ’লো৷ পলিথিনৰ ভিতৰত কোনটো প্ৰাঞ্জল কোনটো বিতুপন ধৰিব নোৱাৰিলোঁ৷ পলিথিনৰ ভাজবোৰেদি বিৰিঙি বিৰিঙ তেজ উলাই আছে৷
বুকুখন বিষাইছে মাত্ৰ, বাইক চলাই কেনেকৈ টাউন পালোহি এতিয়াহে ভাবি ভয় লাগিছে৷ এবাৰো কান্দিব পৰা নাই মই ৷ নাকান্দো৷ কান্দিলেই দুখবোৰ গুছি যাব৷ পুলিচৰ মানুহ কেইটাই বডি দুটা পুনৰ গাড়ীত তুলিলে৷ সিহঁতৰ ঘৰলৈ নিব৷ ইতিমধ্যে হাস্পতালত পোষ্টমৰ্টেম কৰা হৈ গৈছে৷ সিহঁতক খুন্দিয়াই যোৱা গাড়ীখন কোনেও ধৰিব নোৱাৰিলে, প্ৰাঞ্জলৰ মাকক হাস্পতাললৈ নিব লগা হ’ল, মাকৰ প্ৰেচাৰ বাঢ়িল৷ অচেতন হৈ পৰিল৷ বিতুপনৰ বায়েকে হোষ্টেলৰ বাৰাণ্ডাৰ এচুকত ভ্ৰম বকি আছে৷ কলেজৰ বহুকেইজন ছাৰ, বাইদেউ আহি উপস্থিত হ’লহি৷ আমি কাষ চাপি গ’লো৷
কিছুমানে কোৱা-কুই কৰিছে সিহঁতে হেনো মদ খায় এক্সিডেন্ট কৰিলে, বহুতে কুৱা-কুই কৰিলে ল’ৰা দুটা শান্ত-অমায়িক আছিল ইত্যাদি বাৰে-বিংকৰি কথা কিছুমান৷ ইতিমধ্যেই টিভিৰ ব্ৰেকিং নিউজত ঘটনাটো প্ৰকাশ কৰা হ’ল বুলি কৰিমে আমাক খবৰ দিলেহি৷
পুলিচৰ গাড়ীতে সিহঁতক ঘৰলৈ লৈ যোৱা হ’ল৷ পাছে পাছে আমি৷ সিহঁতৰ ঘৰ একেখন গাঁৱত৷ বিতুপনৰ ঘৰ গাঁওখনৰ সন্মুখতে আৰু প্ৰাঞ্জলৰ ঘৰ গাঁওখনৰ মাজত৷ গাড়ীখন গৈ গাঁৱত সোমোৱাৰ লগে লগে আকৌ কান্দোন, চিঞৰ-বাখৰ৷
বৰষুণ পৰিয়েই আছে৷ চিঞৰ-বাখৰ আৰু কান্দোনৰ শব্দই গোটেই গাঁওখন উত্তাল কৰি তুলিলে৷
দুটা গজগজীয়া ল’ৰাৰ মৃত্যু হৈছে একেলগে৷ কম কথানে!
সম্ভৱ তেতিয়ালৈ ৰাতি দহ, এঘাৰ মান বাজিছিল৷ দুয়োটাৰে ঘৰত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷ আমি লগৰ কেইটাই দুয়োঘৰতে পাৰ্যমানে সহায় কৰি দিলোঁ৷ নিউজ চেনেল দুটামানে গাঁৱৰ ঘৰলৈকো আহি ফুটেজবোৰ লৈ আছে৷ লাইভ কৰিছে চাগৈ৷ কেঁচা তেজৰ নিমখ চটিওৱাত এই চেনেলকেইটা কম উস্তাদ নে! তিলটোকে তালটো কৰি পেলাব এতিয়া৷ গাঁৱৰ মানুহবোৰে সিহঁত দুটাক একেলগে নদীৰ পাৰতে সৎকাৰ কৰাৰ কথা ক’লে৷ প্ৰথমে বিতুপনৰ বাপেকে আপত্তি কৰিছিল নদীৰ পাৰত খৰি দিবলৈ, বাপেকৰ মতে ল’ৰা এটাহে৷ ঘৰৰ আগ চোতালতে একমাত্ৰ ল’ৰাটোক খৰি দিব৷ কিন্তু গাঁৱৰ ৰাইজে গজগজীয়া ডেকা ল’ৰাটোৰ চিতাখন ঘৰৰ আগচোতালত জ্বলাবলৈ সাহস নকৰিলে৷ এঘন্টামানৰ ভিতৰতে মথাউৰিৰ পাৰত দুয়োটাৰে চিতা তৈয়াৰ কৰা হ’ল৷ ৰাইজে হাতে হাতে খৰি, বাঁহ-টায়াৰ লৈ উলাই আহিল৷ মুখাগ্নি দিওঁতে দুয়োটাৰে বাপেক দুটাই চিঞৰি-চিঞৰি গগন ফালিছে৷ দুই এজন বৃদ্ধই বাপেকহঁতক বুজনি দিছে– ‘‘তহঁত বাপেক দুটাই ধৈৰ্য ধৰচোন৷ তহঁতে এনেকৈ কন্দা-কটা কৰিলে মাক-বায়েকহঁতৰ কি হ’ব ভাবচোন৷’’
দুয়োখন চিতাৰ ওপৰত ঘিউ ঢালি দিয়া হ’ল৷ কাঠৰ কুণ্ডাৰ তলত শকত শকত বাঁহৰ পাপ সোমাই দিলে৷ টায়াৰ আনিও জ্বলোৱা হ’ল৷ দুকোৰা জুই ক্ষণিকতে দাও দাওকৈ জ্বলিল৷ বৰষুণ পৰি আছে যদিও টায়াৰ আৰু ঘিউবোৰে জুই দুকোৰা দপ্দপ্কৈ জ্বলালে৷ গাঁৱৰ মানুহে সিহঁতৰ গুণ-গৰিমা বখানিলে৷ দুই একে মদ খায় বাইক চলোৱা বুলিও অভিযোগ কৰিলে৷ আমি লগৰবোৰে কাকো একো ক’ব পৰা অৱস্থাত নাই৷ মই কেৱল কপিছোঁ৷ মূৰটো আচন্দ্ৰাই কৰাৰ দৰে অনুভৱ কৰি আছোঁ৷
‘‘সেইজনী বৰ্ষা আহিছে৷’’ – প্ৰকাশে হঠাৎ মথাউৰিৰ পৰা দৌৰি আহি আমাক খবৰটো দিলেহি৷
দেখিছোঁ– বৰ্ষা, তাইৰ মাক-বাপেক খৰি দিয়া ঠাইডোখৰলৈ নামি আহিছে৷ বৰ্ষাজনীক তেনেই পাগলীৰ দৰে দেখাইছে৷ তাইৰ আউলি-বাউলি চুলি আৰু বিশৃংখল কাপোৰেৰে কানি-মূনি আন্ধাৰত অদ্ভুত ৰূপ এটা লৈছেহি৷ বৰ্ষা লাহে লাহে প্ৰাঞ্জলৰ বাপেক ৰৈ থকা চিতাখনৰ ফালে গ’ল আৰু চিতাৰ কাষত ঢলি পৰিল৷ গোটেই সময়ছোৱা এনে লাগিল যেন নাটক এখন হে যেনিবা মঞ্চত মঞ্চস্থ হৈ আছে৷ সকলোকে আচৰিত কৰি এইবাৰ তাই চিঞৰিলৈ ধৰিলে – ‘‘ময়ো তোক ভাল পাইছিলোঁ প্ৰাঞ্জল৷ তই মোক কিয় এবাৰ খুলি নকলি৷’’
এইবাৰ আমিও আৰু ৰৈ থাকিব নোৱাৰিলোঁ৷ ইটোৱে সিটোক গবা মাৰি ধৰি এসোপামান কান্দিলোঁ৷ বৰ্ষাৰ মাক-বাপেকেও আঁতৰত ৰৈ ৰৈ কান্দিছে৷ তাইক বুজাই বঢ়ায়ো শান্ত কৰিব পৰা নাই৷
অলপ পাছত বৰ্ষাক ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হ’ল৷
বাপেক-মাকে তাইক দাঙি আনি গাড়ীত বহুৱালেগৈ৷
তেতিয়ালৈ তাই সম্পূৰ্ণ অচেতন৷
চিনেমাৰ কাহিনীৰ দৰেই ঘটনাবোৰ ঘটি গৈছিল৷ দুজন মানে খুচি খুচি চিতাৰ অৱশিষ্ট নাড়ী, পেটুবোৰ জুইৰ মাজলৈ পুনৰ ঠেলি দিলে৷ বিকট শব্দ কৰি কেচা বাঁহৰ পাপবোৰ ফুটিছিল৷শেষ নিশালৈ খৰিপুৰি শেষ হৈ গৈছিল৷ কোৰেৰে ভেটি কৰি দি তাৰ ওপৰত কলহ এটাত পানী, তামোল-পান ইত্যাদি দি কিবা কিবি নিয়ম কৰা হ’ল৷ আমি লগৰকেইটা মথাউৰিত উঠিলোঁহি৷ মই আৰু সিহঁতৰ ঘৰ দুখনলৈ নগ’লোঁ৷ যাবলৈ সাহস গোটাব নোৱাৰিলোঁ৷ তেতিয়ালৈ ৰাতি পুৱাবৰ হৈছে কি নহৈছে৷পূবৰ আকাশখনৰ পৰা সূৰ্যটোৰ সৈতে ৰঙচুৱা ডাৱৰবোৰ ফুলিবলৈ আৰম্ভ কৰিছে৷
ঘৰলৈ বুলি বাইক চলালো৷ আহি থাকোঁতে মাত্ৰ এটা কথাই বাৰে বাৰে মনলৈ আহিছিল৷
বিতুপন ঘৰখনৰ এটাই ল’ৰা৷ বৃদ্ধ মাক-বাপেকে কাৰ মুখলৈ চাই জীয়াই থাকিব!
আজি দুপৰীয়া প্ৰাঞ্জলে অহাটো জনমত ঘাম হৈ জন্ম লোৱাৰ কথা কৈছিল৷ কন্দৰ্প ছাৰৰ ক্লাছত সৰ্বভাৰতীয় নেট পৰীক্ষাত পাছ কৰিম বুলি প্ৰথমেই সিহে হাত দাঙিছিল, বৰ্ষাজনীকো মনৰ কথা ক’বলৈ নাপালে৷ বৰ্ষাইয়ো তাকে ভাল পাইছিল মনে মনে! তাইৰ কি হ’ব! এয়াটো সিহঁতৰ প্ৰথম প্ৰেম আছিল ! সন্ধিয়া সি মোক চৰাইজনীৰ যত্ন লোৱাৰ কথা কৈছিল আৰু তাৰ প্ৰজেক্ট পেপাৰৰ ডিটিপি কৰিব পাৰিম নেকি বুলি পুনৰ সুধিছিল৷
মই যদি পাৰিম বুলি ক’লোহেঁতেনে!
মই যদি পাৰিম বুলি ক’লোহেঁতেন! সিহঁতক খুন্দিয়াই থৈ যোৱা ট্ৰাকখন আৰু মোৰ মাজত পাৰ্থক্য কি?
ভূলটো কাৰ আছিল? সিহঁতৰ? নে মোৰ?
তিতি বুৰি আহি আছোঁ৷ মায়ে চাগৈ ৰাতিটো চিন্তাত পাৰ কৰিলে৷ হয়তো টিভিত কথাবোৰ দেখিছে৷
বাইক চলাই আছোঁ যদিও নিজলৈ ঘৃণা উপজি আহি আছে৷ ইমান স্বাৰ্থপৰ নে মই৷ খুব বেছি দুদিন তিনিদিন লাগিলহেঁতনে ডিটিপিখিনি কৰিবলৈ! কিয় কৰি দিম বুলি নকলো মই! ঘৰ পাবলৈ বেছি সময় নালাগিল৷ চোতালৰ পৰা দুবাৰমান মাক চিঞৰিলোঁ৷
বাৰীৰ পাছফালৰপৰা চৰাই-চিৰিকতিৰ মাতবোৰ উচ্ছস্তৰত ভাহি আহিছে৷
নহয়, নহয় ৷ চৰাই এজনীয়েহে দেখোন বাৰীৰ পাছফালে খুব বেছিকৈ চিঞৰ-বাখৰ কৰিছে!
তাৰমানে? তাৰমানে? কালি সন্ধিয়াটো মই চৰাই পোৱালীকেইটাও এনেকৈয়ে এৰি গ’লোগৈ!
ক’ৰবাত মূৰটো মাৰি দিও যেন লাগিল৷ কালি পোৱালিকেইটাৰ কি হ’ল তেন্তে!
একেটা উশাহতে পাছফালৰ কলগছজোপাৰ কাষ পালোগৈ৷ সিহঁত জীয়াই আছেগৈনে; গাটো অজান আশংকাত কপি উঠিছে, ভৰিৰ পৰা যেন মূৰলৈকে প্ৰতিটোপাল ৰক্ত উতলি উঠিছে৷ খৰাহীটো নমাবলৈ লৈ দেখিছোঁ– ভেনামাখি কেইটামান পাচিটোৰ উপৰেৰে ঘুৰি ফুৰিছে৷ অকটা গোন্ধ এটা নাকত সোমালহি৷
পাচিটো নমাই আনিলোঁ৷ সকলো শেষ৷
কাষৰ আমগছজোপাৰপৰামাকজনীয়ে মোক দেখি দুগুণে চিঞৰিছে৷
2 Comments