বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতৰ কমিউনিষ্ট পাৰ্টি অসম ৰাজ্যিক পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে ৰোগ শয্যাৰ পৰা অভিনন্দন জনাই লিখা চিঠিখন। ১৫-৭-৬৯ ইং ৰাইজৰ অসীম বল। সীমাহীন শকতি। এই জোৰাল কথাষাৰকে বুজা নাছিলোঁ। ভাবিছিলোঁ চহৰৰ, নগৰৰ ভেমপুৰীয়াসকলেই দেশৰ, সমাজৰ আৰু ৰাইজৰ নেতা। দৰাচলতে অসমৰ সীমামূৰীয়া ঠাইত যেতিয়া দ্বিতীয় মহাসমৰৰ কামান গৰজি উঠিল, সৌমাৰৰ সীমান্ত অঞ্চলত জাপানৰ জাকে জাকে উৰাজাহাজ আহি ডেউকা মেলি আকাশ ছানি পেলালে আৰু সীমান্ত ভূমিত জয়াল জাপানী বোমাৰ বিস্ফোৰণ হ'ল, তেতিয়া মোৰ মনত কোটিকলীয়া অসমৰ লাখ লাখ বছৰীয়া সংস্কৃতি আৰু সভ্যতা জানোচা জা…
Social Plugin