অসমৰ লোক-খাদ্য আৰু লোক-ঔষধঃ অধিক অধ্যয়নৰ পথ নির্দেশ


আলোচ্য বিষয়টি অতি বিশাল। একেটি ৰচনাতে সামৰা সম্ভৱ নহয়। গতিকে এই চমু দিক্ নির্ণায়ক আলোচনাত ভৱিষ্যতে অধিক অধ্যয়নৰ বাবে দুটামান দিশহে দেখুৱাই দিয়া হ'ল। অসমৰ লোকখাদ্যৰ পৰিচয় সৰ্বভাৰতৰ ভিতৰতে সুকীয়া। কাৰণ ই ঘাইকৈ প্ৰকৃতি নিৰ্ভৰ। তদুপৰি ৰন্ধন-প্রক্রিয়াতো অসমীয়া খাদ্যই বিশেষত্বৰ দাবী কৰিব পাৰে। অসমৰ লোকখাদ্যৰ সাধাৰণ পৰিচয় হ'ল এনেধৰণৰ-

মূল খাদ্যঃ
  • আমিষ- বিশেষ বিশেষ পশু, চৰাই, মাছ, নির্বাচিত পোক-পতংগ, চৰাই আৰু মাছৰ কণী আৰু কিছুমান সৰীসৃপজাতীয় প্রাণী।
  • নিৰামিষ- ফল, ফুল, পাচলি, শাক, চাউল, মাহ আদি।

লঘু খাদ্যঃ
  • জা-জলপান- কৃষিযোগে উৎপাদিত চাউলজাতীয় খাদ্যৰ পৰা প্রস্তুত কৰা জলপান।
  • বতৰৰ ফল।
  • পিঠা আদি নানা তৰহৰ দ্রব্য।
  • খৰিছা, পানীটেঙা, কাহুদী, খাৰলি আদি মুখৰোচক দ্রব্য।

শিশুৰ খাদ্য- চাউলৰ পৰা প্ৰস্তুত, গাখীৰৰ পৰা প্ৰস্তুত, বতৰৰ ফলৰ পৰা আৰু শাক-পাতৰ পৰা প্ৰস্তুত।

অসমৰ মানুহ কৃষিজীবী। ঘাইকৈ কৃষিৰ দ্বাৰা উৎপাদিত ধান, মাহ, কুঁহিয়াৰ, সৰিয়হ, আলু, নানা প্ৰকাৰৰ খাদ্য-দ্রব্য অসমৰ মানুহে ব্যৱহাৰ কৰে।

তদুপৰি প্ৰকৃতিৰ অবাৰিত দান অসমীয়া মানুহে সংগ্ৰহ কৰিব আৰু ব্যৱহাৰ কৰিব জানে। গতিকে খাদ্য-সম্ভাৰৰ মাজত অৰণ্যৰ বনৰীয়া ফল, শিপা, কাণ্ড, পাত, ফুল আৰু ফল খাদ্যৰূপে ব্যৱহাৰ কৰা হয়। এনে বহুতো বৃক্ষ আৰু পুষ্পজাতীয় উদ্ভিদ মানুহৰ বাৰীত নিজে নিজে হয় আৰু বহুতে ৰোপণ কৰে। ফল-মূলৰ বাৰী পতা আৰু পাচলিৰ খেতি কৰা অসমৰ মানুহৰ অভ্যাস আৰু বহুক্ষেত্ৰত জীৱিকাও।
তদুপৰি গাঁৱৰ বাটে-পথে এনে গছ-বন উভৈনদী হৈ থকাত অসমৰ মানুহৰ খাদ্যৰ বাবে সাধাৰণতে সমস্যা নাছিল। বিশাল পথাৰখনৰ যেনি-তেনি অসমীয়া মানুহে আহাৰৰ বাবে বিচাৰি পাইছিল শাকজাতীয় তৃণ, পাত আৰু ফুল। বিল, পুখুৰী আৰু জলাহৰ পৰা জলজ দ্রব্য আহৰণ কৰি বিবিধ খাদ্যৰ লগত ব্যৱহাৰ কৰা হয়।

চোতালৰ আগত আৰু বাৰীৰ পাছফালে আপুনি গজা বনৰীয়া তৃণ আৰু লতাৰ পাত, ফুল, গুটিৰ পৰাও নির্বাচিত খাদ্য সংগ্ৰহ কৰা হয়। বিভিন্ন বনশাকৰ ব্যৱহাৰ অসমীয়া খাদ্যাভ্যাসৰ এক অন্যতম বৈশিষ্ট্য। নেফাফু, বাঁহগাজ, মেচাকি, মেজেঙা, তৰাৰ গজালি, বনৰীয়া কাঠফুলা আদি অসমৰ মানুহৰ প্ৰিয় খাদ্যষ এই অভ্যাসত জনগোষ্ঠীয় প্রভাৱ লক্ষ্য কৰা যায়। এই লক্ষণ ভাৰতৰ অন্যান্য অংশৰ মানুহৰ খাদ্যাভ্যাসৰ লগত বিশেষ নিমিলে। বিশেষকৈ বাঁহগাজৰ ব্যৱহাৰ উত্তৰ-পূব ভাৰতৰ অধিবাসীসকলৰ একান্ত নিজা।

বৰনৈ, জান, জুৰি, বিল, পুখুৰী আৰু জলাহসমূহ মাছৰ বাবে ঘাটিস্বৰূপ মাছ অসমৰ মানুহৰ প্ৰিয় খাদ্য। সকলো বর্ণ-সম্প্ৰদায়ৰ লোকৰ বাবেই মাছ খোৱাত বিধি-নিষেধ নাই। এই লক্ষণ ভাৰতৰ অন্যান্য অংশৰ সমাজৰ খাদ্যাভ্যাসতকৈ মুকলিমুৰীয়া।

অসমৰ জলাশয়সমূহত গাঁৱৰ ৰাইজে মিলি সমূহীয়াকৈ মাছ ধৰে। গাইগুটীয়াভাৱে চেপা, খোকা, ডিঙৰা পাতি, ভেটা দিও মাছ ধৰা হয়। সৰহীয়াকৈ মাছ ধৰিলে শুকুৱাই শুকতি কৰি বহুদিনলৈকে সংৰক্ষণ কৰি থোৱাৰ এক পদ্ধতি অসমৰ জনগোষ্ঠীয় সমাজত আজিও প্রচলিত। এনেদৰে শুকুৱাই সংৰক্ষণ কৰি ৰখা মাছক গাৰোসকলে নাখাম, বড়োসকলে নাফাম আৰু মিচিংসকলে নামচিং বোলে।

মাংসৰ বাবে ছাগলী, হাঁহ, পাৰ, কুকুৰা, সম্প্রদায়ভেদে গাহৰি, গৰু আদি গ্ৰহণ কৰা হয়। বনৰীয়া প্ৰাণীৰ ভিতৰত বন বৰাহ, হৰিণা পহু, শহাপহু, গুঁই, হাইঠা আদি, নানা ধৰণৰ ক্ষুদ্র প্রাণী আৰু চৰাই চিকাৰ কৰি খাদ্যৰূপে গ্ৰহণ কৰা হয়।

আমৰলিৰ টোপ, কোদো টোপ, মুগালেটা, নিংকৰি, উইচিৰিঙা, জিলি, কুচিয়া, কেঁকোৰা, খৰিছা, পানীটেঙা, খাৰলি, কাহুদি আদি মুখৰোচক খাদ্যও অসমৰ খাদ্যাভ্যাসৰ ভিতৰুৱা। অসমৰ জনগোষ্ঠীসমূহৰ মাজত পৰম্পৰাগত পানীয় সাজ বা লাওপানীৰ ব্যৱহাৰ মন কৰিবলগীয়া। পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা এই পৰম্পৰাগত পানীয়ক মিচিংসকলে আপং, টাই আহোমসকলে নাম্নাও, কছাৰীসকলে জৌ, চিংফৌসকলে চাপুপ আৰু দেউৰীসকলে চুজেঁ বোলে। চিংফৌসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত পানীয় 'ফালাপ'ৰ সোৱাদ অতুলনীয়। এই সম্পর্কত ড° লীলা গগৈৰ লোকসংস্কৃতিমূলক উপন্যাস 'নৈ বৈ যায়'ৰ কিছু বৰ্ণনাই সহায় কৰিব পাৰে।

বেলি লহিয়ালে। বৰ-আইতাই শাকনি-বাৰীত সোমাই এশ এটা শাকৰ আগ বুটলিবলৈ আৰম্ভ কৰিলে। অলপ পিছতে আহি বাৰীৰ ডেউনাখন ডেউ সোমাই গ'ল। সৰু মানিমুনি, বৰ মানিমুনি, মাটিকাদুৰি, লাইজাবৰী, মচন্দৰী, কেহেৰাজ, পনৌনোৱা, শুকলতি, ঢেকীয়ালতি, টংলতি, ভোমলতি, কেৰেলালতি, বৰ টেঙেচি, সৰু টেঙেচি, শিলকচু, ওলকচু, দহিকচু, তেলীকচু, পানীকচু, ল-বৰুৱা, টিকনি বৰুৱা, বনজালুক, বন-তিয়হ, বনখুতৰা, তিতাকেৰেলা, ভাতকেৰেলা, টাটী কেৰেলা, বৰবেঙেনা, খৰুৱা বেঙেনা, কোঁটাহি বেঙেনা, মিঠামৰা, তিতামৰা, টেঙামৰা, চেংমৰা, নৰসিংহ, ভেদাইলতা, তিতাফুল, লেহেতী, জিলমিল, চুটিয়া লফা, পচলা, তৰা গজালি, দোৰোণ বন, তিতাবাহক, মেচাকী, মেজেঙা, নেফাফু,, মেটেকা, লাচকচি, তিতাকচি, ভেকুৰী, হাতী ভেকুৰী, উৰহী, হাতী-উৰহী, বৰপূৰৈ, সৰুপূৰৈ, ঢেকীয়া, কপৌ-ঢেকীয়া, ভোটমলা, বেতগাজ, ঔ-টেঙা, নলটেঙা, ৰঙালাউ, সজাতিলাউ, মাঠুকঠুকা, বাঘ-আঁচোৰা, মধুসোলেং, দুপৰীয়া টেঙা, ভীমৰাজ বন, বিহলঙনী, খুতৰা, হাতী খুতৰা, কলমৌ, মনুৱা, হাঁহিচয়তী, বনতুলসী, লাই, লফা, পালেং, বাবৰি, চুকা, তুবুকীলতা, ভেবেলীলতা, মূলা, ঢেৰুৱা, মেমেধু, বালি-বাববি, মালভোগ বন, ধেপাইতিতা, মহানিম, বৰবিলাহী, সৰুবিলাহী, পতিসোন্দা, উৰিয়াম, মজ, মদাৰ, মধুৰি, কটাৰীডবুৱা মাহ, জেতুলাপকা, কাঠআলু, পদিনা গোটাই খৰাহী এটাত জোকাৰি জোকাৰি ধুই চোতাললৈ আহিল। পানীখিনি নিৰহ হ'বলৈ কাষতে খৰাহীটো লৈ খন্তেক পৰ ৰৈ থাকিল। খৰাহীটোৰ পৰা টোপাল-কাটি পৰা পানী, মাটিত পৰি, চিটিকি আহি মুগাৰ মেখেলাখনত লাগি চিন থৈ গ'ল। গৰু-গা ধুৱাবলৈ নিয়া চালনীখন বৰ-আইতাই উলিয়াই আনি চাটত ৰৈ যোৱা লাউ-বেঙেনা, কেৰেলা, থেকেৰা, হালধিও কুটি মিহলাই দিলে। আলুগুটি দুটামানো কুটি দিলে। নহৰু, পনৰু, জলকীয়া দি খাৰলি ৰান্ধিবলৈ দিহা কৰিলে।

ৰন্ধন কলাৰ বিশেষত্ব:
অসমৰ মানুহৰ ৰন্ধন কলাত বিশেষত্ব দেখা যায়। সাধাৰণতে সিজোৱা, পোৰা, খৰিকাত দিয়া, পাতত দিয়া আদি পদ্ধতিৰে ৰন্ধন-কাৰ্য কৰা হয়। এনে পদ্ধতিত তেল আৰু মছলাৰ প্ৰয়োগ খুব কম। সৰিয়হৰ তেলহে অসমীয়াৰ চিনাকি।

সেইদৰে মছলাৰ ভিতৰত আদা, নহৰু, পণৰুৰ ব্যৱহাৰহে ঘাইকৈ দেখা গৈছিল। জলকীয়া আৰু জালুক ব্যৱহাৰ কৰা হয় যদিও বাহুল্যকৈ নহয়। পাচলি অনুসৰি ৰন্ধন কলা বেলেগ বেলেগ হয় আৰু প্রয়োজনমতে কৰবাত নহৰু, কোনো এবিধত জালুক আদি প্ৰয়োগ কৰা হয়। এই প্রয়োগে খাদ্যবস্তুৰ গুণাগুণ অটুট ৰাখে আৰু বহুসময়ত ঔষধ ৰূপেও কাম কৰে। নিভাঁজ অসমীয়া ৰন্ধন-প্রণালী অতি স্বাস্থ্যসম্মত বুলি একে আষাৰেই ক'ব পাৰি।

অসমীয়া মানুহৰ ভাত ৰন্ধাৰ পদ্ধতি বিশেষত্বযুক্ত। পানীত সিজাই, টোপোলা বান্ধি, ভাপত দি, চুঙাত দি আৰু সিজাই ভাত ৰন্ধা হয়। ৰন্ধা ভাতক পানীত দি পর্হতা ৰূপে ব্যৱহাৰ কৰি মূল আহাৰ আৰু জলপান ৰূপেও ভাত খোৱা হয়। আঞ্জা-পিটিকাৰে, নিমখ-তেলেৰে আৰু গাখীৰ-গুড়েৰেও ভাত খাব পাৰি। জুই নোহোৱাকৈ কোমলাই খাব পৰা 'কোমল চাউল'ক 'ভাত' বোলা নহয়, ই অসমৰ এবিধ বিশেষ শ্ৰেণীৰ খাদ্য।

ৰন্ধনৰ আহিলা আৰু পৰিৱেশন:
পুৰণি অসমীয়া সমাজত মাটিৰ চৰু, মলা, পতিলা, খোলা আৰু টেকেলি আছিল ভাত-আঞ্জা, পিঠা-পনা আৰু চাহ কৰাৰ আহিলা। কালক্ৰমত কেৰাহী, ডেচি, বটুৱা, কেটলি আৰু পিছলৈ নানা আধুনিক আহিলা সোমাই পৰে। খৰিৰ জুইত তৃপ্তিদায়ক ব্যঞ্জন প্রস্তুত কৰা হৈছিল আৰু এতিয়াও বহুলাংশে হয়। পকা আঠা, তুঁহজুই আৰু গৰম ফুটছাঁইৰ যোগেদিও আহাৰ প্ৰস্তুত কৰা হৈছিল। এই পদ্ধতিসমূহ বর্তমানেও শেষ হৈ যোৱা নাই। কলপাত, কৌপাত আদিত সাধাৰণ শ্রেণীয়ে আহাৰ গ্ৰহণ কৰিছিল।

পিছলৈ ধাতুৰ সাজ-বাচনৰ প্ৰৱৰ্তন হয়। ডা-ডাঙৰীয়াৰ আহাৰ গ্ৰহণত ৰূপৰ আৰু কাঁহৰ বানকাঁহী, বেঢ়াকাঁহী, হাতীখুজীয়া বাটি, বানবাটি আদি সাজ-বাচনৰ ব্যৱহাৰ হৈছিল যদিও সাধাৰণ গৃহস্থৰ ঘৰত মাটিৰ থালি, কলপাত আৰু ঘাইকৈ কাঁহৰ কাঁহী-বাটিৰ ব্যৱহাৰ হৈছিল। ইয়াৰ উপৰি কাঠৰ শৰাই, বাঁহৰ শৰাই আদিত আহাৰ সজাই দিয়াৰ নিয়ম কিছুমান জনগোষ্ঠীত প্রচলিত। সময়ৰ লগে লগে বজাৰৰ কম দামী, পাতল আৰু সহজলভ্য কাঁহীবাটিৰ প্ৰচলন জনপ্রিয় হ'বলৈ ধৰে। খাদ্য পৰিৱেশনত সদায় ঘৰৰ মুখিয়ালজনক বিশেষ নির্দিষ্ট স্থানত আসন দিয়া হয়। ঘৰৰ মহিলাসকলে শেষৰ দলত আহাৰ গ্ৰহণ কৰাটো এটা অলিখিত পৰম্পৰা।

অসমৰ লোকখাদ্যৰ বিষয়ে নানা প্রাচীন পুথিৰ পৰা জানিব পাৰি। তাৰে দুটা উদাহৰণ তলত দিয়া হ'ল-
১। অনন্ত কন্দলিৰ 'কুমৰ হৰণ'ত থকা চিত্ৰলেখাৰ ৰন্ধন-কলাৰ বিৱৰণ
বহু বিধ সঞ্জোগে ৰান্ধিল পৰমান্ন।
পিষ্টক সাজিলা তাঞি নানা বিধ ঠান।।
মুগৰ সহিত ঘৃত চিনি চুৰা দিল।
আতি ভাল কৰি তাক মৰিচে ৰঞ্জিল।।
আদা লোন জনি জিৰা মৰিচক দিয়া।
ভাজিল খাসিৰ মাংস বাখৰে ৰঞ্জিয়া।। 
পাৰাৱত আনি তাঞি কৰিলেক তলা। 
কচ্ছপৰ মাংসত দিলেক বৰকলা।।
হৰিনৰ মাংস সমে হিংগৰ ফোৰন। 
ৰম্ভামূলে বৰাহৰ মাংস বিতোপন।। 
চিত্ৰফলি ৰান্ধি তাত দিলেক কম্ভুৰ।
বৰালিত বাবেৰি জে ৰহুত মচুৰ।।
কচে-বচে বেসুয়াৰি সোলে মুলে সঙ্গ। 
মাগুৰে বাঙ্গানা দিল কাৱৈত পালঙ্গ।। 
কাঠিঅৰা কৰে তাঞি ইলিস কান্দোল। 
জামিৰ সোলাঙ্গ দিয়া লফাৰ আমোল।।
ঘৃতৰ তেলনি দিয়া মধু সমে ঝোল। 
আচোক ভুঞ্জিবে তাৰ গন্ধতে আমোল।। 
বদৰিৰ চমনত চিনি বিস্তৰ সানিলা। 
পকা তেন্তেলিত গুৰ ৰস আনি দিলা।।
পঞ্চাস ব্যঞ্জন সাজিলেক ভিন্নে ভিন্নে। 
সুৱৰ্ন থালত ভৰি থৈলন্ত জতনে।। 
সুৱৰ্ণৰ দুই কাহি পৃথকে বিচাই। 
কুমৰ কুমাৰি দুইকো বৈসাইলা সিঠাই।।

২। গুৰু চৰিত পুথিৰ এটি সৰু বৰ্ণনা-
"... আৰু মাঘমহা বৰদলনিত হিদলগুৰিত স্বব লৰা বালাভাত খাইছে চাউল নিঃ গুৰুজনে সিজাই দিছে সবাকে: ডেমডেউকা মাগুৰ মাছৰ গৰি দি: বালিচুকা শল মৎস্যে বালিচুকা লাঙ্গি ভাঙ্গন দি বালিবাবাৰিএ বৰিৱালা মাছে অমৃতপ্ৰাই হৈছিলঃ।। ৪৮" (পৃ. ২২)


লোক-ঔষধ
সাধাৰণ বিচাৰত লোক-ঔষধৰ এইদৰে শ্ৰেণী বিভাগ কৰিব পাৰি-
১। বনজ -গছৰ শিপা, পাত, ফুল, গুটিৰ পৰা প্ৰস্তুত কৰা ঔষধ।
২। প্রাণীজ - প্ৰাণীৰ তেল, তেজ, ছাল, নখ, দাঁত, পাখি আৰু অন্যান্য অংশৰ পৰা।
৩। জলজ- মাছ, কাছ, শিহু, জলজ উদ্ভিদ আদিৰ বিবিধ অংশ।
৪। ধাতুজ ৰূপ, সোণ, তাম আদি ধোৱা পানী বা চূর্ণ।

লোক সংস্কৃতিৰ এটা এৰাব নোৱাৰা অংগ হ'ল পৰম্পৰাগত চিকিৎসা পদ্ধতি। অতীজৰে পৰাই অসমৰ ৰাইজে ৰোগ নিৰাময়ৰ বাবে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সহায় লৈছিল। পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ এটি প্রধান অংগ হ'ল জৰা-ফুকা। বিভিন্ন তন্ত্র-মন্ত্ৰ চৰ্চাৰ ক্ষেত্রত অসম আগবঢ়া আছিল। এই পদ্ধতিৰ আলমতে অসমীয়া সমাজত সৃষ্টি হৈছিল বিভিন্ন তন্ত্র-মন্ত্র। অতীজতে মায়ং অঞ্চল এনে তন্ত্র-মন্ত্ৰৰ বাবে বিখ্যাত আছিল। বর্তমানেও গাঁৱে-ভূঞে এক সীমিতসংখ্যক লোকে এই পৰম্পৰা অব্যাহত ৰাখিছে। কৰতি, বীৰাজৰী, মুখলগা ভঙা মন্ত্র আদি বর্তমানেও ঠায়ে ঠায়ে প্রচলিত হৈ আছে।

লোক চিকিৎসাৰ ক্ষেত্ৰত বনৌষধসমূহেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। অসমৰ অৰণ্যত প্রাপ্ত সৰহসংখ্যক গছৰেই এক ঔষধি গুণাগুণ আছে।

ধেপাইতিতা, নেফাফু, বাঘবন, মণিচাল, বিহমনা, পাতিসূতা, টেপৰটেঙা, ধতুৰা, চোৰাত, ভূংগৰাজ, আমৈলতা, পাৰলি, চতিয়না, তেজমুৰি, শতমূল, কিমাৰু, পাত মাহুদি, খৰপাত, সৌৰা গছ, বৰ গুমুনি, বনমধুৰী, কুকুৰসূতা, কুকুৰাঠেঙীয়া, সর্পগন্ধা, বেতগাজ, হাড় জোৰাদিয়া লতা, মহুৱাবন, বান্দৰ ডিমা, ভোমোৰা গছ, বনৰীয়া মুচন্দা, বিহলঙনী, এডলীয়া ঢেকীয়া, বন তগৰ আদি অৰণ্যজাত গছ গছনিৰ লগতে তুলসী, পদিনা, মচন্দৰী, বনজালুক, মধুবন, পনৌনোৱা, পাণৰ পিপলি, জালুক, বিয়নী সাবতা, বিশল্যকৰণী, অশৈল্যকৰণী, বনচেচুৰ, পানীখুতৰা, চালকুঁৱৰী, আদা, হালধি, কাঁচিদৰীয়া, দূৱৰি বন, মাটি কাদুৰী, কলমৌ, চেংমৰা, কেহাৰাজ, পচতীয়া, তিল, অপৰাজিতা, চিৰতা তিতা, মানিমুনি, ব্রাহ্মীশাক, শোহনি বন, ভূতমূলা, আকনগছ, এৰাগছ, কণীবিহ, মহানিম, শিলিখা গছ আদি ঘৰৰ আশে-পাশে প্রাপ্ত গছ-গছনিসমূহেও বহুক্ষেত্রত গ্রাম্য সমাজখনত ঔষধ প্রস্তুতৰ ভেষজ সামগ্রীৰূপে কাম কৰি আহিছে। এই প্রত্যেকবিধ উদ্ভিদৰে ৰোগ আৰোগ্য কৰিব পৰা নিজা ক্ষমতা আছে। আনহাতে পাটী মুতুৰা মাছ, গঙাটোপ, কুৰকুৰি মাছ, জিঞা, পলৰীয়া মুগাৰ খোলা, শিহুৰ তেল, কেমতাই পহু, কেটেলা পহুৰ নাভি, কেকোসাপ, গোম ফেঁটী, ধুন্দুলী ফেঁটী, সঁকাসাপ, বাঘৰ নখ আদিও কোনো

কোনো ৰোগৰ ঔষধ প্রস্তুত কৰোঁতে ব্যৱহৃত হয়। অসমৰ লোকজীৱনৰ বন-দৰবৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ সেই বিষয় ড° লীলা গগৈৰ উপন্যাস 'নৈ বৈ যায়'ত উল্লেখ থকা এক বৰ্ণনাৰ পৰা অনুমান কৰিব পৰা যায়।

...দেৱতাক দোষ লগালে, বুঢ়া ডাঙৰীয়াৰ ছাঁ গৰকিলে, ক'ত কেনেকৈ অপেচৰাৰ দোষ লাগিলে, কেতিয়া আইৰ ঘাতি লাগিলে, কোনজোপা চামগছত চামোন দেৱতাই পালে, ক'ত গৰযোৱা সাপ দেখিলে সকলো ক'ব পাৰে। ভূতে পোৱা মানুহক সৌকাৰে কোবাই, সৈ কড়াই, ভূত খেদিবও জানে। ওভতা সৰিয়হ জাৰি ভূতে পোৱা মানুহক ডোল-ফতহী দিবও জানে। মাদলিও দিয়ে। বাৰী বান্ধিবও জানে। চাৰি চুকে চাৰিটা খুঁটি পুতি বাৰী বান্ধি দিয়ে; ভূত-প্রেত একো সোমাব নোৱাৰে। ম'হৰ খুঁটিত চাৰিটা কেঁচুমতা জাৰি চাৰিচুকে দলিয়াই দিলে, তাৰ ভিতৰত বাঘ সোমাব নোৱাৰে। বাহিৰে বাহিৰে গুজৰি ফুৰে; ম'হৰ ওচৰ চাপিব নোৱাৰে। সাতটা নাদৰ পানী আনি কাচিৰে জাৰি দিয়ে, এনেকৈ পানী কাটি গা ধুলে কু-মন্ত্র কটা যায়। কোনোবাই বান্ধি থলে বান্ধ মুকলি হৈ যায়। ৰঙাইৰ দৰব খাই কাঠ-বাঁজী তিৰোতাৰো গৰ্ভ হৈছে। ৰঙায়ে তিনিডাল খৰিকাৰে পানী জাৰি দিয়ে; খাই দিয়াৰ পিছতেই গৰ্ভৱতী তিৰোতাই প্ৰসৱ কৰে। ৰঙাইৰ জুহালৰ কাষৰ বেৰত ঢেৰ চুঙা। চুঙাইপতি গছৰ গুটি, শিপা, বাকলি, ক'লা নিমখ, যখাৰ, বাঘতেল, হিং, ভালুকৰ নোম, 'গো-চেনা', মিচিমি তিতা, কত কি? চুঙাবোৰ ক'লা ক'লা; তেনেই ধোঁৱাকলীয়া, কিন্তু ৰঙায়ে হাত দিলেই ধৰিব পাৰে, কোনটোত কি আছে। বাৰীত ঢুকে-কোণে আটাইবোৰ দৰবৰ গছ। শোহনী, টংলতি, অকলবীৰ, মধুসোলেং, বেলিপকা, নীলকঁঠ, মচন্দৰী, পনৌনৌৱা। ঘৰৰ পিৰালীৰ পৰা বাৰীৰ ঢাপলৈকে বিয়পি আছে। জুহালৰ পানীচাঙত কাছৰ মূৰ ৰৌমাছৰ পিত, কেটেলা পহুৰ ভুৰু, গুইৰ মুৰ, উতনুৱাৰ ঠেং, ঢোৰা কাউৰীৰ আগমঙহ, হাতীৰ হেমেজু, বেলিপকাৰ আলু, মিচিমিৰ বৰবিহ ভাগে ভাগে শুকুৱাই আঁৰি থোৱা থাকে, হাত দিলেই যাতে পায়। ৰঙাই বেজে কিবা শিপা দুডালমান বুটলি আনি পটাত থেঁতেলা কৰিছিল। ৰঙায়ে শনিবাৰে-মঙ্গলবাৰেহে দৰব দিয়ে, আনবাৰে দৰব নেফাপে। 

এইদৰে বিস্তাৰিত আলোচনাৰ মাজেৰে আগবাঢ়িলে আলোচ্য বিষয়ৰ এটি সঠিক ৰূপ পাব পৰা যাব। ই গৱেষণামূলক অধ্যয়নকো পথ সুচল কৰিব বুলি আমাৰ বিশ্বাস।



লেখকৰ ঠিকনা
ড° কৰবী ডেকা হাজৰিকা
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলাগুৰু
লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাধ্যাপিকা
অসমীয়া বিভাগ

অসমৰ এশ এবিধ শাক সংৰক্ষণ ৷ লীলা গগৈৰ ‘নৈ বৈ যায়’ৰ আধাৰত ক্লিক কৰক

Post a Comment

0 Comments